ভূমিপুত্ৰৰ ইতিহাস- আহোমৰ আগমন আৰু ভূমিপুত্ৰৰ হাহাঁকাৰৰ দিনলিপি
"Until the lions have their own historians, the history of the hunt will always glorify the hunter"
পৃথিবীৰ ভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ আত্ম মগন জাতি জনজাতি বোৰৰ মাজত ইতিহাস লেখনৰ উদাহৰন বিৰল৷ অসম বা ভাৰতো তাৰ ব্যতিক্ৰম নহয়৷ আক্ৰমন আৰু লুটপাত আদিৰ জৰিয়তে শাসন শোষন সাম্ৰাজ্য বিস্তাৰ আৰু সাম্ৰাজ্যৰ সন্ধান কৰি ফুৰা সকলৰ মাজতহে ইতিহাস লেখনৰ পাৰম্পৰ্য অধিক সৱল৷ নতুনকৈ কত কি কেনেকৈ দখল কৰিলে আৰু কি দৰে তেওঁলোকৰ শাসন শোষন আৰু দুস্কাৰ্যক বৈধতা দিব পাৰি অথবা স্ব মহিমাৰ গুনজানেৰে অন্য জাতিতকৈ নিজক উচ্চ প্ৰতিপন্ন কৰিব পাৰি সেই চিন্তা আৰু উচ্চাকাংক্ষাৰ দুৰাশাত বন্দী জাতি বোৰে অধিক ইতিহাস লেখনৰ প্ৰতি আগ্ৰহী হয়৷ ই এইছ কাৰে কবৰ দৰে এওঁলোকৰ বাবে ইতিহাস মাছৰ প্ৰতি বুভূক্ষ জনৰ মেজত চটফটাই থকা এটা মাছ-A fish on the slab of fishmonger ৷ এওঁলোকে নিজে বিচৰা দৰে ইতিহাস ৰচনা কৰিব পাৰে৷ এওঁলোকৰ দ্বাৰা ৰচিত ইতিহাসত এওঁলোক নায়ক হৈ উঠে আৰু দুৰ্ভগীয়া পৰাজিত সকল খলনায়ক বা বৰ্বৰ বা দুৰ্বল হিছাপে উপস্থাপিত হয়৷ অসমত আহোম সকলে ১২২৬ চনত আগমন হোৱাৰ আগলৈকে অসমৰ লাখ লাখ ভুমিপুত্ৰৰ কি কোনো ঐতিহ্য সংস্কৃতি নাছিল নেকি? কোছ, মেচ, চুতীয়া, কছাৰী, কৈৱৰ্ত, নাথ যোগী, কলিতা,৷সুত কলীয়া, ৰাভা হাজঙ, মৰান, বৰাহী, মিছিং, দেউৰী সকলৰ কোনো মহৎ ঐতিহ্য বা পাৰম্পৰ্য, সাংস্কৃতিক পৰিচয় নাছিল নেকি? নিশ্চয়কৈ আছিল৷ আত্ম মগন নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত জনজাতি সকলৰ ৰিপাব্লিকান আৰ্হিৰ জীৱন ধাৰা আছিলেই৷ বাথৌ ব্ৰাই বা শিৱ পূজাৰ ঐতিহ্য কিমান যে পুৰনি! এওঁলোকৰ বিষয়ে জানিবলৈ হ’লে শিলালিপি, পৌৰানিক ধৰ্ম গ্ৰন্থৰাজি, মৌখিক ইতিহাসৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব৷ ঘৰতে সোমাই থকা মানুহক আকৌ কিহৰ বিশদ ইতিহাস লিপিবদ্ধ কৰাৰ প্ৰয়োজন?
যেতিয়া এটা জাতিয়ে আন এটাক আক্ৰমন কৰে তেতিয়া তাৰ ভাষা সংস্কৃতি সকলোকে গ্ৰাস কৰি নিজৰটো জাপি দিয়ে৷ ই এক স্বাভাৱিক পৰম্পৰা৷ কিন্তু অসম মুলুকত তাৰ এটাও সফল নহল কিয়নো বহু পুৰ্বৰে পৰা সবল ৰূপত বিৰাজমান অসমীয়া ভাষাটোক উচ্ছেদ কৰাটো সহজ নাছিল৷ কাজেই চীন বাৰ্মা মূলীয় টাই শান( আহোম) সকলেও নিজৰ টাই ভাষা এৰি অসমীয়া গ্ৰহন কৰিলে৷ নিজৰ ফূৰালুঙ ধৰ্ম এৰি সনাতন ধৰ্ম গ্ৰহন কৰিলে৷ অৰ্থাৎ আহোমৰ আগমনৰ পুৰ্বৰে পৰা অসমীয়া ভাষা সংস্কৃতি অতি সৱল আছিল৷ আহোম সকল অহাৰ পৰাহে যে অসমীয়া জাতিৰ সংস্কৃতি ঐতিহ্য গঢ় লৈছে তেনে নহয়৷
জনজাতীয় সমাজৰ জীৱন ধাৰা শাসন ব্যৱস্থা আৰু ধৰ্মীয় পদ্ধতি কেনে আছিল? আহোমৰ আগমনৰ পিছত যিদৰে যুদ্ধ বিগ্ৰহ মাৰি মৰকত ভমিপুত্ৰৰ মৃত্যু হ’ল নিশ্চয়কৈ সেই গতিত ভূমিপুত্ৰৰ দুৰ্দশা হোৱা নাছিল৷ আহোম সকলৰ একাংশৰ নিমন্ত্ৰনতে সগোত্ৰীয় বাৰ্মাৰ টাই শান মানৰ আক্ৰমনত অসমৰ ভূমিপুত্ৰ জাতি জনজাতিৰ কিমান দুৰ্দশা হৈছিল! মানৰ আক্ৰমনত চাৰিভাগৰ তিনি ভাগ ভূমিপুত্ৰৰ মৃত্যুত জনসংখ্যা আছিলগৈ প্ৰায় ন লাখ মানহে৷ এই বিপুল ক্ষতিৰ সন্মূখীন কিয় হ’ল? বাহিৰৰ পৰা আহি আমাৰ ইয়াত থিতাপি লোৱা সকলৰ খোৱা কামোৰাৰ বাবেই নহয়নে? ইয়াৰ মূল্য অনাহকতে ভূমিপুত্ৰ সকলে ভৰিব লগীয়া হোৱা নাছিলনে? আহোম এটা জাতি হোৱাতকৈ ই আছিল এক শাসন ব্যৱস্থা, এক ৰাজনৈতিক সংস্কৃতি৷ মৰান, বৰাহী আৰু চুতীয়া সকলকো আহোমৰ জনজাতীয় পাৰম্পৰ্যৰ অন্তভূক্ত হৈ পৰিল৷ সেয়ে ৰাজনৈতিক ক্ষমতা আৰু ভুমিকা বিতৰন পদ্ধতিত সৃষ্ট উপাধি চাই আজি প্ৰকৃততে টাই শান আহোম হয়নে নহয় তাক ঠাৱৰ কৰিব নোৱাৰি৷
এডৱাৰ্ড গেইটে কৈছিল- There is, however, this difference, that whereas now, the caste system, to a great extent, preserves a distinct physical type, the earlier philological changes were accompanied by racial fusion. We know that this occurred after the Ahom invasion of Assam, when many Chutiya, Morän and Borahi families were incorporated in the Ahom tribal system and, by lapse of time genuine Ahoms."১
লাচিতত ডেকাৰ দৰে চুতীয়া যুৱকেও বৰফুকনৰ বাব লৈছিল৷ ২
আনকি মুছলমান এসময়ত নগদ ধন দি বৰফুকনৰ পদটো ক্ৰয়ো কৰিছিল৷ ৩
গেইটে উল্লেখ কৰিছে যে অসমৰে হওঁক বা দক্ষিণ ভাৰতৰে হওঁক এই প্ৰাচীন অধিবাসী সকল আফ্ৰিকাৰ পৰা হাজাৰ হাজাৰ বছৰ পুৰ্বেই বিশ্বজুৰি বিয়পি পৰা সময়ৰে৷ হাবি জংঘল পাহাৰ পৰ্বতে ভৰি নথকা উত্তৰ পুবো মুল ভাৰত ভুমিৰ দৰে আৰ্য সংস্কৃতিৰে গঢ় ললে হেতেন আৰু পৌৰানিক জনজাতীয় দোৱান আৰু সংস্কৃতিৰ ঠাই ললে হেতেন আৰ্য মূলীয় ভাষা সংস্কৃতিয়ে৷ সেয়ে বহু পৰিমানে অসম তথা উত্তৰ পুবৰ জনজাতীয় পৰিচয় বহু দিনলৈ অটুট হৈ থাকিল৷
আহোমৰ আগমনত আটাইতকৈ ক্ষতি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জাতিটো হ’ল বড়ো কছাৰী সকল৷ অসমৰ প্ৰায়বোৰ নদ নদীৰ নাম বড়ো di/ti আদিৰে (ডিব্ৰু, দিখৌ, দিহিঙ,দিহঙ, দিবঙ, দিছাং, দিফং আদি)
ম্ভ হোৱাৰ বিপৰীতে আহোম সকলে ’নাম’ শব্দৰে নৈ আদিৰ নামকৰন (নামৰূপ, নামছাই আদি) কৰিলেও( gait 7) কছাৰী সকলৰ নামকৰনৰ ঐতিহ্যক বিলুপ্ত কৰিব নোৱাৰিলে!কালক্ৰমত এই বড়ো কছাৰী সকলে খেদা খাই খাই বিভিন্ন ঠাইত সিচৰিত হৈ পৰিল৷ আহোমৰ আগমনত পৰিচয় আৰু অস্তিত্বৰ সংকটত সন্মুখীন হোৱা সকলৰ ভিতৰত অন্যতম হ’ল বড়ো কছাৰী সকল৷ তেতিয়াৰ দিনত বৰ্তমান সঘনাই উচ্চাৰিত জাতি/ ৰাষ্ট্ৰৰ সু সংহত ধাৰনা নাছিল৷ বিভিন্ন জনগোষ্ঠীৰ মাজত তেনেকৈ সংহতিয়ো নাছিল৷ গেইট আৰু ডেৱিদ স্কটে কবৰ দৰে তেতিয়াও সৰু সৰু গোটত বিভক্ত জনজাতি সকলে একোজন মুৰব্বীৰ অধীনত শাসিত হৈ এক ৰিপাব্লিকান আৰ্হিত ৪ জীৱন যাপন কৰিছিল৷ দেশ বিদেশলৈ হেংদাঙ যাঠি আদি লৈ আক্ৰমন কৰিবলৈ যোৱাত আগ্ৰহ নাই আৰু নিজৰ পাহাৰ পৰ্বতটোত সুখে সন্তোষে খাই বৈ জীয়াই থকা জনজাতীয় ভূমিপুত্ৰ সকলে মোগল বা আহোমৰ দৰে ইতিহাস লেখাৰ দৰকাৰ নহৈছিন৷ মৌখিক ইতিহাস, শিলালাপি আৰু ধৰ্ম গ্ৰন্থতে কিবা বিৱৰন যদি আছিল সেয়াই পৰ্যাপ্ত আছিল৷ এই জাতি জনজাতিবোৰে আহোমৰ আগমনৰ লগে লগে প্ৰৱল হাহাঁকাৰৰ সন্মুখীন হ’ল৷
খামজাঙ পাৰহৈ চুকাফাই তিনিশ ঘোৰা আৰু নহাজাৰ মানুহৰ সৈতে নংয়াঙ হ্ৰদত প্ৰৱেশ কৰে৷ নগা সকলক আক্ৰমন আৰু পশুৱৎ অত্যাছাৰৰ কথা উল্লেখ কৰিছে গেইটে৷
আহোমে বৰ্বৰ ভাৱে আক্ৰমন কৰা পাংছু পাছৰ টাংছা সকল ৷ আলোকচিত্ৰ- নেহৰু সংগ্ৰহালয়, ইটানগৰ
প্ৰায় দেৰ কিলোমিটাৰ দৈঘ্যৰ আৰু ০.৮ কি মি বহল হ্ৰদটো লিডু ৰোড( তাহানিৰ ষ্টিলৱেল ৰোড) ৰ দক্ষিন পশ্চিমে প্ৰায় আঢ়ৈ কিলোমিটাৰ দুৰত্বত পাংছু পাছত অৱস্থিত৷ তাত টাংছা সকলে এতিয়াও বসবাস কৰি আছে৷ এই টাংছা সকলেই গেইটে কোৱা নগা সকলৰ উপ সমষ্টি(sub set)৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈন্য সকলে এই হ্ৰদক লেক অৱ ন ৰিটাৰ্ন আখ্যা দিছিল৷ হিংস্ৰ জনজাতিৰে ভৰপুৰ এই ঠাইত হামেপ উৰা জাহাজ বোৰ দুৰ্ঘটনাত পতিত হলে বিছাৰি পোৱা টান৷ এই হ্ৰদটোক লৈ বহুতো মুখৰোচক মিথ বিদ্যমান৷ পৰ্বতাৰোহী আৰু অভিযানকাৰী জয়দীপ চিৰকাৰে ২০০২ চনত এই হ্ৰদত উপস্থিত হৈছিলগৈ৷ দ্য টেলিগ্ৰাফ কাকতত উল্লেখ কৰা অনুসৰি এই মিথবোৰ একো একোট অতিৰঞ্জন৷ তাৰ বাস্তৱভিত্তি নাই৷
আহোমে থলুৱা টাংছা সকলৰ ওপৰত যিদৰে বৰ্বৰ অত্যাছাৰ কৰিছিল তাৰ উদাহৰন পৃথিবীৰ কোনো আক্ৰমনকাৰীৰ মাজত পাবলৈ নাই৷ মোগল বা আফগান সকলেও ইমান ভয়াৱহ হিংস্ৰভাৱে আক্ৰমন কৰা নাছিল৷ পৰৱৰ্তী পৰ্যায়ত আহোমৰ সগোত্ৰীয় ভাই ৰজা মানহতেও এইদৰে বৰ্বৰ ভাৱে অসমত আক্ৰমন চলাইছিল৷ বাৰ্মা য়ুনান মুলৰ টাই শান সকলৰ হিংস্ৰতাৰ বিষয়ে গৱেষনাৰ থল আছে যদিও আজিলৈকে কোনেও কৰা চকুত পৰা নাই৷ টাংছা সকলৰ ওপৰত কৰা এই পশুৱৎ অত্যাছাৰত শংকিত হৈ অন্য নগা জনজাতি সকলেও আহোমৰ শৰনাপন্ন হবলৈ বাধ্য হয়! এই দিশৰ পৰা চুকাফা নাদিৰ শ্বাহ, গজনী বা আবদালিতকৈয়ো বৰ্বৰ আছিল!
তাৰ পিছতে এজন ৰাজ পাৰিষদৰ হাতত নগা এলেকাৰ শাসন ভাৰ গটাই চুকাফা নামৰূপলৈ আহে আৰু পিছত টিপাম পায়হি৷ বড়ো কছাৰী সকলে নামকৰন কৰা দিহিং নৈ পাৰ হৈ আহে৷ কছাৰী সকলৰ মনোগজগতত তেতিয়া কি ভাৱৰ উৎপত্তি হৈছিল সেয়া সহজেই অনুমেয়৷ ১২৪৬ চনত শিমলুগুৰিত উপস্থিত হোৱা চুকাফাই নামদাঙ অঞ্চলত অধিবাসী সকলৰ ওপৰত প্ৰচন্ড ভাৱে নগা সকলৰ কৰাৰ দৰে আক্ৰমনৰ পৰিকল্পন কৰে কিন্তু জনসংখ্যা অধিক দেখি সেই সিদ্ধান্ত নাকছ কৰে৷ ৫
চুকাফাই অসমৰ জনজাতিবোৰৰ সংখ্যা আৰু সামৰিক শক্তি উপলব্ধি কৰি আক্ৰমনৰ পৰিৱৰতে সন্ধিৰে মৈত্ৰী স্থাপন কৰিছিল৷ ইয়াত চুকাফা বা টাই শান আহোমৰ বিশালতা উদাৰতা একোৱেই নাছিল৷ ৰাজনৈতিক কৌশলহে আছিল৷ বৰ্বৰতা তেতিয়াও অক্ষুন্ন আছিলেই৷ ভূমিপুত্ৰৰ বেলি এনেকৈয়ে মাৰ যায়! এই ইতিহাস আজিকোপতি অনালোচিত, উপেক্ষিত৷
মৰান বৰাহী সকল যাৰ ভাষা একালত বড়ো আছিল কালক্ৰমত টাই শান সকলৰ ৰীতি নীতি পালন কৰি হৈ পৰিল আহোম আৰু আহোম হৈ পৰিল এটা ৰাজনৈতিক সংস্কৃতি! টাই শান আহোমক বিবাহৰ বাবে লগা হ’ল পৰ্যাপ্ত থলুৱা মহিলা৷ কাজেই আহোম হৈ পৰিল এক বৰ্ণ শংকৰ সংমিশ্ৰন৷ সেয়ে আহোমক এটা নিদিষ্ট জনজাতি বুলি কোৱাটো বা চিহ্নিত কৰাটো এক মুৰ্খামি- অজ্ঞান আন্ধাৰত লীণ হৈ থকাৰে নামান্তৰ৷
No comments:
Post a Comment