Sunday 17 November 2019

এলিয়টীয পাৰম্পৰ্য আৰু চৰ্চা


অসমত এলিয়টীয় পৰম্পৰা কিমান সমৃদ্ধ আৰু চহকী সেইটো বুজাবলৈ দুটা সৰু উদাহৰনেই যথেষ্ট ৷আধুনিক অসমীয়া সাহিত্যত এলিয়টৰ প্ৰভাৱ কিমান তাৰ পৰাই গম পোৱা যায় ৷ আধুনিক কবিতাৰ বাখ্যা কৰি তাত এলিয়টৰ সমল নিবিচাৰিলেও হ’ব ৷হোমেন বৰগোহাঞিৰ বিখ্যাত গল্প "এপিটাফ"ত নায়কে ডোৰা নামৰ কুকুৰজনীক উদ্দেশ্য কৰি কৈছে "My nerves are bad to-night. Yes, bad. Stay with me.
'Speak to me. Why do you never speak? Speak.
'What are you thinking of? What thinking? What?
'I never know what you are thinking. Think”৷
স্বৰ্গতোক্তি সদৃশ এই সংলাপটোও বৰগোহাঞিৰ গল্পটোত ইংৰাজীতে আছে ৷ অৱশ্যে এলিয়টৰ অনুসংগৰ কোনো উল্লেখ তাত নাই ৷ এলিয়টৰ ৰচনা , কাব্যৰ প্ৰভাব অসমীয়া সাহিত্যত ইমানেই বেছি যে এলিয়টৰ ৱেইষ্টলেন্ডৰ " A game of chess " খন্ডটো সন্নিবিষ্ট স্তৱকটোৱে অসমীয়া গল্প সাহিত্যটো স্বৰ্গতোক্তিৰ মাধ্যমেৰে প্ৰকাশ ঘটিছে ৷
এই প্ৰসংগতে এটা কথা কোৱা ভাল হব যে আমাৰ সাহিত্যত বিশ্বৰ প্ৰায়বোৰ বিশ্ববিদ্যালয়তে এলিয়টৰ ৱেইষ্টলেন্ডৰ এই সংলাপটোক অপবাখ্যা কৰা হয় ৷ এই শাৰীকেইটাৰ অন্তহিত তাৎপৰ্য আৰু অৰ্থ পৃথক৷ ই এলিয়ট আৰু পত্নী ভিভিয়ানৰ আটাইতকৈ কৰুণ হতভগীয়া জীৱনৰ লগত জড়িত ৷এলিয়ট এসময়ত নিউৰেস্থেনিছত আক্ৰান্ত হৈছিল ৷ বৰ কষ্টকৰ হৈছিল জীৱন ৷ সমান্তৰালভাৱে পত্নী ভিভিয়ানৰো মানসিক স্বাস্থ্য সিমান উন্নত নাছিল ৷ ৰোগাক্ৰান্ত হতাশাগ্ৰস্ত এলিয়টক পত্নী ভিভিয়েনে মনোৰোগ বিশেষজ্ঞ ৰোজাৰ ভিটছৰ ওচৰত চিকিৎসা কৰাবলৈ নিয়ে৷ ৰোজাৰ ভিটছে এলিয়টক গ্ৰাস কৰি থকা প্ৰচন্ন নৈৰাশ্য , দুশ্চিন্তাৰ স্নায়বিক ব্যাধিৰ পৰা আৰোগ্য হবৰ বাবে বিশ্বৰ শ্ৰেষ্ঠতম আধ্যাত্মিক দৰ্শন , মাৰ্গ আদিৰ অধ্যয়ন কৰিবলৈ দিয়ে যাতে বিশৃংখল এলিয়টৰ চিন্তা প্ৰক্ৰিয়াক " Re wire " কৰিব পৰা যায় ৷ তাৰ পৰাই এলিয়টৰ আত্মাৰ অন্বেষণ আৰম্ভ ৷ ৰোজাৰ ভিটছক দেখুৱাই হোটেলৰ ৰুমত আশ্ৰয় লৈ জীৱনটোক উভ’তি চাইচে৷ নিজৰ চিন্তাৰ জগতত হেৰাইছে এলিয়ট৷ তেতিয়াই কলমেৰে নিৰ্গত হৈছে "April is the crullest month " ৷ এই ৱেইষ্টলেন্ডেই সমৃদ্ধ কৰিলে ইংৰাজী কাব্য সাহিত্যক ৷ এপ্ৰিল মাহটোযে এটা নিষ্ঠুৰ মাহ সেই নিদাঘ এপ্ৰিল মাহৰ দুপৰীয়া হোটেলত বহি কবিতা লিখিবলৈ লোৱা এলিয়টতকৈ আৰু কোনে বুজিব ৷ এই ৱেইষ্টলেন্ডৰ এটা খন্ডত বিবৃত কৰিছে তেওৰ আৰু পত্নী ভিভিয়িনৰ মাজত হোৱা বাৰ্তালাপ ৷ ৰোগাগ্ৰস্ত এলিয়টৰ পৰিচৰ্যাত লাগি থকা পত্নীক প্ৰায়ে তেও কয় " ভিভিয়ান মোৰ স্নায়ু বোৰ বহুত বেয়া হৈছে৷ৰাতিলৈ হয়তো গাটো আৰু বেয়া হব ৷ তুমি মোৰ কাষত থাকা " ৷ ঠিক বাৰ্তালাপ নহয় যেন এলিয়টৰ পত্নী ভিভিয়ানৰ প্ৰতি কাতৰ প্ৰাথনা ৷ এই কথাষাৰকে ৱেইষ্টলেন্ডত লিখি দিছিল ৷ এলিয়টে আৰু বহুতো ব্যক্তিগত কথা সংযোজন কৰিব খুজিছিল ৷ পত্নী ভিভিয়ানে ব্যক্তি জীৱনৰ অপৰিসীম কষ্টৰ কথাবোৰ কবিতাত ইমান খোলাখুলিকৈ লিখিদিলে বহুত ব্যক্তিগত হৈ পৰিব পাৰে বুলি মানা কৰিলে ৷ ফলত এলিয়টে আৰু ব্যক্তিগত কথা সংযোজন নকৰিলে ৷ এলিয়টক মনোৰোগ বিশেষজ্ঞ ৰোজাৰ ভিটছে দিয়া পৰামৰ্শৰ ভিত্তিত কৰা প্ৰাচ্য দৰ্শনৰ অধ্যয়নৰ "দত্ত দময়ত দয়োধ্যমেৰে" সামৰনি পৰিছে ৱেইষ্টলেন্ডৰ৷ আধুনিক মানুহৰ সংকট মোচনৰ দিক নিৰ্দেশনা হৈছে ৱেইষ্টলেন্ডৰ সামৰণিত ৷
কবি ড° মহেন্দ্ৰ বৰাই তেওৰ "প্ৰীতি উপহাৰ" শীৰ্ষক কবিতা এটা এলিয়টৰ নামত উছৰ্গা কৰিছিল ৷ পিছে সাত সাগৰ তেৰ নদী সিপাৰে এলিয়টে গম পাইছিল নে নাই সেইটো আমাৰ জ্ঞাত নহয় ৷ আমাৰ শিক্ষাগুৰু ড° কবীন ফুকন ছাৰৰ লগত এলিয়টৰ পত্নী ভিভিয়ানৰ ভালদৰে চিনা জনা থকাৰ কথা আমাৰ অৱগত৷ লন্ডনৰ লীডছ বিশ্ববিদ্যালয়ত গৱেষনা কৰি থকা সময়ত ছাৰে ভিভিয়ানক কেইবাবাৰো লগ পাইছিল ৷ বিষয়ান্তৰত কৈ থও যে কবীন ফুকন ছাৰৰ দৰে প্ৰগাঢ়তাৰে এলিয়ট বুজাব পৰা শিক্ষক হয়তো অসমতে বিৰল ৷এলিয়ট ছাৰৰ আত্মস্থ আছিল ৷

বৌদ্ধিক বিশ্বকে জোকাৰি যোৱা আৰু অদ্যপি অতিশয় প্ৰাসংগিক " পৰম্পৰা আৰু ব্যক্তি প্ৰতিভা" (Traditional and individual talebt )ৰচনা খনৰ যোৱা চেপ্তেম্বৰ মাহত এশ বছৰ সম্পূৰ্ণ হৈছে৷ৰচনা খন লিখাৰ সময়ত এলিয়ট আছিন লয়ড বেংকৰ কেৰাণী আৰু ক্ষুদ্ৰ আলোচনী "ইগইষ্ট"ৰ সহকাৰী সম্পাদক ৷ কোনো ইউনিভাৰ্চিটিৰ বাঘা পন্ডিত নাছিল ৷ তেও নিজেও এগৰাকী প্ৰখ্যাত কবি ৷ এই ৰচনাখন প্ৰথম প্ৰকাশ হৈছিল তেও ১৯১৭ চনৰ জুন মাহৰ পৰা সহ সম্পাদনা কৰা ইগইষ্ট আলোচনীৰ ডিচেম্বৰ, ১৯১৯ সংখ্যাত ৷ লক্ষণীয় কথাটো এইটোৱেই যে এই সংখ্যাটোৰ পিছত সম্পাদক হেৰীয়েট শ্ব ৱিভাৰে বন্ধ কৰাৰ সিদ্ধান্ত লয় কাৰন হেৰীয়েটে আলোচনী সম্পাদনা কৰাতকৈ গ্ৰন্থ প্ৰকাশৰ বাবে প্ৰকাশন প্ৰতিস্থান খোলাৰ বাবে মন মেলে ৷এইকথাটোত ইগইষ্টৰ পাঠক সকলো হতোদ্যম হৈ পৰে ৷ ইগইষ্টৰ পাঠক অৱশ্যে তেনেকৈ বেছি নাছিল কিন্ত যিকেইজন মুষ্টিমেয় পাঠক আছিল খুবেই বৌদ্ধিক ৰচিসম্পন্ন আছিল ৷পৰৱৰ্তী পৰ্যায়ত ১৯২০ চনৰ নবেম্বৰ মাহত ৰচনাখন এলিয়টৰ প্ৰথম সমালোচনামুলক সংকলন " চেক্ৰেড উদ"তো স্থান পাই ৷ এলিয়টেই আছিল প্ৰথম গৰাকী বিংশ শতিকাৰ লেখক যাৰ লেখা ১৯৬২ চনৰ "নৰ্টন এন্থলজি অৱ ইংলিছ লিটাৰেছাৰত" সন্নিবিষ্ট হৈছিল ৷১৯১৯ চনলৈকে এলিয়টৰ ৰচনাৰাজি বেছি নাছিল ৷ মাত্ৰ কেইটামান কবিতা আৰু প্ৰবন্ধহে আছিল ৷কিন্তু এলিয়টৰ আত্মবিশ্বাস আছিল প্ৰচুৰ ৷ মাকলৈ সেই সময়তে লিখা এখন চিঠিত লিখিছিল " মা ইংৰাজী সাহিত্যত এনে এখন ঠাই দখল কৰিছো যে হেনৰী জেইমছৰ বাদে আজিলৈকে কোনো আমেৰিকানে ইংলেণ্ডত লব পৰা নাই "৷ অৱশ্যে মাকৰ আগত অলপ উচ্চসিত ভাবেই অলপ বঢ়াইয়ে কৈছিল ৷ মাক দেউতাক হতৰ আগত অলপ জহোৱাতো সচৰাচৰ বহুতৰে থাকেই ৷ ইয়াৰ পিছৰে পৰা এলিয়টৰ সাহিত্য প্ৰতিভাই ইংৰাজ বৌদ্ধিক জগতত তোলপাৰ লগাবলৈ আৰম্ভ কৰে ৷বিশ্বৰ সমালোচনা সাহিত্যত এই ৰচনা খনে নতুন দিশৰ সূছনা কৰে৷
অসমীয়া সাহিত্যতো তদ্ৰুপ ভাবে এই ৰচনাখনৰ প্ৰভাব অনুভুত হৈছিল ৷ নতুন কবিতাৰ সমান্তৰালভাৱে নতুন সমালোচনাৰ ধাৰাই গঢ় লৈছিল ৷ কলিকতাত বি এ পঢ়ি থকা অৱস্থাতে হীৰেন গোহাইয়ে এলিয়টীয় সমালোচনা শৈলীত অনুপ্ৰাণিত হৈ " অৰ্থ অনৰ্থ" ৰ দৰে প্ৰবন্ধ লিখি নতুন কবি সকলক সকিয়াই দিয়ে ৷তেওৰ ভাষাত কবলৈ গলে নতুন কবি এচামে কি কব খুজিছিল কাক পক্ষীটোৱেও তাৰ ভূ নেপাইছিল ৷ সেইবাবে তেও বেছ কঠোৰ ভাবে সমালোচনা কৰি কৈছিল যে দুই এজনক আনকি টঙনিয়াও প্ৰয়োজন ৷ এলিয়টীয় , লিৱিছীয় শৈলীতে সমালোচনাৰে সমৃদ্ধ কৰিছিল ভবেন বৰুৱাইয়ো ৷ ভৱানন্দ দত্ত আৰু৷মহেন্দ্ৰ বৰাই নতুন কবিতাৰ সমালোচনা কৰিছিল যদিও তেওঁলোকৰ আধুনিক কবিতা সন্দৰ্ভত স্পষ্ট স্থিতি বা ধাৰনাৰ অভাৱ আছিল বুলি গোহাই , হৰেকৃষ্ণ ডেকা প্ৰমূখ্যে কেইবাজনও মন্তব্য কৰিছে ৷ মুঠৰ ওপৰত আমাৰ সাহিত্যটো এলিয়টৰ প্ৰভাৱ অপৰিসীম ৷
এলিয়টৰ প্ৰাসংগিকতা এতিয়াও আছে ৷ এই প্ৰসংগত সমালোছক গেৰেথ ৰীভছে তেওৰ“T S Eliot and idea of tradition (patricia waugh , Literary theory and criticism , OUP) প্ৰবন্ধত কৈছে " " Now that the dust is settling ,when post modernism is retreating , when we are begining to live comfortably with the fact of plurality , with the notion of literatures rather than literature , and with canons rather than than canon, it is possible to return to Eliot's idea of tradition , as critics and theorist have been doing of late , from a more impartial perspective "
অৰ্থাৎ উত্তৰ আধুনিকতাৰ ধামখুমীয়াৰ অন্ত পৰিছে৷আমি বহুত্ববাদৰ সৈতে সহবাস কৰিব পাৰিছো সাহিত্যতকৈ " সাহিত্যবোৰৰ" কথা কব পৰা হৈছো বা সাহিত্যৰ নীতিত কৈ "নীতিবোৰৰ" কথা কব পৰা৷হৈছো ৷ সেয়ে এনে পৰিপ্ৰেক্ষিতত আমি এলিয়টৰ পৰম্পৰাৰ ধাৰনাটোলৈ প্ৰত্যাবৰ্তন কৰিব পাৰো ৷