Sunday 16 June 2019

বাৰেবিংকৰাঃ সাহিত্যৰ ইটো সিটো , গিনছবাৰ্গ ইত্যাদি

আছলতে সময়বোৰ সলনি হৈছে ৷এটা সময় আছিল যেতিয়া অসম মুলুকত হাবিয়ে বনে কাম কৰি থকা কেৰাণী , মহৰী বা ই এ চি বোৰে সাহিত্যৰ পথ প্ৰদৰ্শন কৰিছিল  আৰু অসমীয়া সাহিত্যৰ ভেটিটো নিৰ্মান কৰিছিল ৷ তেতিয়া কোনো ইংৰাজী বা অসমীয়া এম এ ই কৰা নাছিল ৷হেম চন্দ্ৰ বৰুৱা আছিল প্ৰথমে এগৰাকী নকল নবীছ ৷তাৰ পৰা ভাষা ভঙা কাকতি অৰ্থাৎ ট্ৰানস্লেটৰ (পিছত ই এ চি) গুনাভি বৰুৱা প্ৰমোছন লৈ ই এ চি , ৰমা কান্ত চৌধুৰী কাছাৰীৰ কেৰাণী ,ভোলানাথ দাস চাৰ্ভেয়ৰ  পিছত এচ ডি চি, আনন্দ চন্দ্ৰ আগৰৱালা পুলিচৰ হাৱিলদাৰ পিছত এছ পি.হেম চন্দ্ৰ গোস্বামী ই এ চি আচিল ৷সংক্ষিপ্তকৰণৰ বাবে কেৱল এই কেইটাহে উদাহৰণ দিয়া হৈছে ৷এই সকলেই অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণ কৰিছিল ৷ এতিয়া সাহিত্যই শ্ৰেনী সংৰচনা এটা আয়ত্ত কৰিছে ৷ এতিয়াও প্ৰশাসনৰ সাহিত্যসেৱী নথকা নহয় ৷ তেতিয়াৰ প্ৰশাসনৰ সেই ব্যক্তি সকল চিৰস্মৰনীয় ৷ পিচে তেতিয়া দিনত কেৰানী মহৰীৰ পৰা ই এ চি হওতে ৰাকেশ পাল নাছিল ৷ থকা হলে খাল্লাছ৷নহবৰে কথা ৷ সিদিনা বোলে এজন ই এ চিয়ে এখন সভাত ৰাজহুৱাভাৱে কলে আৰক্ষী আয়ুক্তক বোলে ইংৰাজীত আৰক্ষী অধীক্ষক বুলি কয় ৷ পিছত আয়ুক্তৰ ৰোষত পৰিল ৷ উপাই নাই ৷ উপাই নাই আমাৰ আপামতহে এনেহেন ই এ চি , প্ৰশাসনিক বিষয়া আছে কোনোবাই দৰ্খাস্তখনৰ খচৰা মানে drafting কৰি দিলেও চহীটো শেষৰ "your faithfully" ওপৰত নে তলত কৰিব সেইটোও সুধি লয় ৷ উপাই নাই ৷ অসম দেশৰ বিষম কথা
***

ইংৰাজীটো এটা বৰ সাংঘাতিক ভাষা ৷ নেটিভৰ দৰে প্ৰত্যক্ষ সংস্পৰ্শ নথকা বাবেই নে কি অনা ই’ৰাজী মুলত এচিয়ান দেশবোৰৰ মানুহবোৰৰ ইংৰাজী ভাষাৰ ব্যৱহাৰক লৈ শুচিবায়ুগ্ৰস্ত ধাৰনা ৷ সিদিনা অসমৰ ইংৰাজী লেখক এজনৰ উপন্যাসৰ ওপৰত প্ৰচ্ছদপটৰ ওপৰতে থকা এটা মন্তব্য পঢ়িলো , উপন্যাস খন বোলে Fuckingly brilliant . সেইবোৰ বাদ , এলেন গিনচবাৰ্গৰ এটা প্ৰখ্যাত কবিতাৰ শিৰোনামা "I fuck you America" ৷ গাওৰ পৰা অহা লৰা আমি ৷ ইংৰাজীৰ এতিয়াও শিকাৰুৱেই হৈ আছো ৷ পিছে এইবোৰ চাই ভাৱ হৈচে আমিতো বাদেই আমাৰ দেশৰ সম্পাদক লেখক বোৰেও ইংৰাজী নেজানে চাগৈ ৷ কাৰন এতিয়াও Assamese fuckingly angry on CAB জাতীয় কথা বাৰ্তা বা শিৰোনাম নাই ৷ কথা হল অস্বস্তিৰ ভাব বুজাবলৈ অনুষ্ঠঠানিক ভাৱে সাহিত্যত এনে অশ্লীল শব্দ ব্যযবহাৰ কৰাটোক গ্ৰহন কৰিব পাৰিনে নোৱাৰি?
আনকি আমাৰ সাহিত্যত আদিৰস বা শৃংগাৰৰ প্ৰয়োগ খুবেই মাৰ্জিত আৰু প্ৰাঞ্জল ৷ ই ৰুচি বিগহিত নহয় ৷আনকি এনে প্ৰসংগতো Vulgar শব্দৰ ব্যবহাৰ নাই ৷ পিছে আদিৰসৰ ক্ষেত্ৰত শংকৰদেৱৰ সমসাময়িক পাচলী কবি পীতাম্বৰ সদায় অনন্য হৈ ৰৱ ৷"পীতাম্বৰে উষা পৰিনয়ত আদি ৰসাত্মক বৰ্ননা বা ৰসাভাস দিও যেন তৃপ্তি পোৱা নাইঃ তেও আক্ষেপ কৰিছে-"ৰতি ৰস নিসেষ কহিতে নাযুৱায়৷ পঢ়িব পাঞ্চালী গুৰু-গৌৰৱ সভায়"
***
ইউনিভাৰচিটিৰ পৰা ওলাই অনাই বনাই ঘুৰি আছিলো ৷ প্ৰান্জলৰ কোঠাটো তেতিয়াও মোৰ আৰু এতিয়াও ডিবৰুৰ ঠিকনা ৷ উদয়ন মিশ্ৰ ছাৰে মাতি আনি কলে "মোৰ Transformation of Assamese identity" খন অসমীয়ালৈ অনুবাদ কৰি দিয়া ৷ কৰি দিলো ৷ পিছত কি হল নেজানো ৷  কিন্ত তাত ছাৰে প্ৰখৰ দুৰদৃষ্টিৰে বহুতো কথা উল্লেখ কৰিছিল ৷ পিছত এইবিষয়ে আৰু বিস্তৰ ভাৱে ভিন্ন লেখা , গ্ৰন্থ অধ্যয়ন কৰি এটা কথা দৃঢ় ভাৱে বুজিছিলো যে বিভিন্ন কাৰকৰ প্ৰভাৱত বঙালী মুলৰ মুছলমান (যাক আমি অভিবাসী মুচলমান বুলি কও আৰু যি সকলে ভাষাটো গ্ৰহন কৰি অসমীয়া হবলৈ যত্ন কৰি আছে) অসমীয়া পৰিচয়তকৈ Pan indian islamic identity  সবল কৰিবলৈ যত্নবান হব ৷দ্য চেন্টিনেলৰ ২০০৭ ৰ নবেম্বৰৰ প্ৰথম সপ্তাহৰ এটা সংখ্যাত পাইছিলো মুল সংখ্যালঘু নেতাজনে কৈছিল যে অসমত ইছলামিক আইডেণ্টিটি গঢ়িব লাগিব ৷ ফলত ক্ৰমশ যেন ন অসমীয়া বা অভিবাসী tag টোৰ পৰা স্বেছাৰে আতৰি গৈছে আৰু লঘু অৰ্থত শুনা গেদা পৰিচয়ৰ প্ৰতি বেছি আকৃষ্ট হৈছে ৷ ধৰ্মীয় মৌলবাদ , জিহাদীৰ কথা বাদেই ছহিদ স্বামীৰ মৃতদেহৰ কাষত ক্ৰন্দনৰত ছহিদৰ পত্নীৰ প্ৰতি অতিশয় অশ্লীল ভাষাত ৰাজহুৱাকৈ যৌন কটুক্তি কৰিবলৈ এৰা নাই ৷
কিন্তু বিদেশী বহিস্কাৰৰ বাবে জংঘললৈ যোৱা পৰেশ বৰুৱাৰ স্হিতি পৃথক ৷ ৱাংলাদেশত আশ্ৰয় লোৱাৰ পিছত  সম্পূৰ্ণ ওলোটা খৰ মানে voltaface মাৰি কলে “Bengalis Hindus and Muslims alike have immensy contributed to Assam and those of them who feel tjemselves part of assam should be treated as assamese dwellers'(Probojonoloi ., document issued by ulfa publicity deptt .1992)
তাৰ পিছত আহি গল Colonial exploitationৰ ৰেটৰিক , বোলে হিন্দী ভাষীহে আমাৰ শত্ৰু ৷ পৰৱতী পৰ্যায়ত কিছুমানৰ আত্মসমৰ্পণ ৷ কিছুমানৰ ইমানেই দাদাগিৰি আছিল যে আৰুনী কাশ্যপৰ house with thousand story ৰ ভাষাত কবলৈ গলে " যি জনী ছোৱালীক ভাল লাগিছিল তাইৰ ইচ্ছা হওক নহওক তাইকে সম্ভোগ কৰিছিল , ভীতি প্ৰদন কৰিছিল ৷এক প্ৰকাৰ আইচিচৰ দৰে ৷ মদ খালে কানত তলা লগাই মানুহক অমানুষিক অত্যাচাৰ কৰা কেইটাই পিচত ১৪১৪ খন মদৰ দোকান খুলিছিল ৷ এই সমস্যা আন্দোলন এইবোৰ থাকিলে ভাল পইচা আহি থাকে ৷ এসময়ত মন্ত্ৰী হবগৈ পাৰে ৷ এৰি দিব নেলাগে ৷ লাগি থাকক৷
***
সাহিত্যত বস্তুনিষ্ঠ সমালোচনাৰ প্ৰয়োজন ৷ আত্মজৈৱনিক সমালোচনা হব লাগে ৷চৈয়দ  আব্দুল মালিকৰ ৰোমান্তিক কবিতাৰ প্ৰসংগত লিখা প্ৰবন্ধটোৱেই আটাইতকৈ নিৰ্মোহ সমালোচনা ৷ইংৰাজী সাহিত্যৰ ৰোমান্তিক ধাৰাই বঙালী সাহিত্যত প্ৰভাব পেলাইছিল ৷ অসমীয়া ছাতৰেও ইংৰাজী ৰোমাণ্টিক কবিতা পঢ়িছিল ৷ পিচে অসমীয়াত লিখা ৰোমান্তিক কবিতাৰ সৃষ্টি কোনো স্বতঃস্ফূৰ্ত আৱেগৰ পাৰভঙা জোৱাৰ নাছিল ৷ ই এক Borrowed concept . ইংৰাজী সাহিত্যত হৈছিল সেয়ে আমাৰ সাহিত্যটো সংযোজন হল ৷ প্ৰায় ৬ বছৰমান আগত পাইছিলো ন অৱসৰ প্ৰাপ্ত মুখ্য সচিব হৰেন্দ্ৰ নাথ দাসে মালিক চাহাবৰ বিৰুদ্ধে সাংঘাতিক ভাৱে সমালোচনা কৰিলে ৷ সছা মিছা নেজানো৷ কিন্ত সমালোচনা সাহিত্যত এই সকলোবোৰৰ বাখ্যা হব লাগে ৷ কিমধিকমিতি