Sunday 5 May 2019

বৰনদী ভটিয়াই আৰু মাজুলীৰ কথকতা

মাজুলী এটা বিপদাপন্ন নদী দ্বীপ অথবা বৈষ্ণৱ সংস্কৃতিৰ ৰহঘৰা হোৱাতে সীমাবদ্ধ নহয় ৷ stereptype discourse বোৰে বৈষ্ণৱ পৰম্পৰাৰ ওপৰত কেন্দ্ৰীয়তা বা centralty স্থাপন কৰি মাজুলীক এক সৰলৰৈখিক পৰম্পৰাগত উপস্থাপন কৰাৰ পৰিবৃত্তৰ উৰ্ধলৈ গৈ অনুপম কৌশিক  মাজুলীৰ তথাকথিত narrativeত উপেক্ষিত বিশাল লোক সংস্কৃতিক এক অগতানুগতিক ৰুপত উত্থাপন কৰি মাজুলীক এটা নব্য নিৰ্মিতি প্ৰদান কৰিছে ত ৷ উদীয়মান সৃষ্টিশীলতাত সদা উন্মূখ অনুপম কৌশিক ৷ তেওঁৰ এই প্ৰচেষ্টা ছবি খনত স্পষ্ট ৷ বিভিন্ন ন ন বিষয়ত তেওঁ সম্পৰীক্ষা কৰিছে ছবি খনত ৷ এই নব্য craftmanship ত সফলো হৈছে ৷ অৱশ্যে এই বিষয়ে পিছত লিখিম ৷
ছবি খন চালো সপৰিয়ালে ৷প্ৰথম দিনা প্ৰথম দৰ্শনীতে চিনে পলিচত ৷ অনুপম কৌশিকক জানিছিলোঁ সেয়ে কিবা এটা ব্যতিক্ৰম আশা কৰিছিলো ৷

*বৰনদী ভটিয়াইৰ আটাইতকৈ উল্লেখনীয় দিশটোৱেই হল যে ছবিখনত দুই ধৰনৰ দৰ্শক অৰ্থাৎ বৌদ্ধিক দৰ্শক আৰু সাধাৰন দৰ্শক দুই শ্ৰেণীয়ে উপভোগ কৰিব পৰাকৈ নিৰ্মিত
উল্লেখ্য যে অসমীয়া ছবিত সততে দেখা পোৱা সংলাপ অভিনয়ৰ অতিৰন্জন বা কৃত্ৰিমতাৰ flaw টোৰ পৰা মুক্ত ৷ অভিনয় , শব্দ শৈলী বা diction স্বতস্ফুত , স্বাভাৱিক ৷ সমালোচক আনন্দ বৰমুদৈ ছাৰে এবাৰ মোক কৈছিল কিবা এটা প্ৰসংগত যে চৰিত্ৰই যি বিচাৰে যি ভাষাত ভংগীত কথা কয় সপোন দেখে সেইয়াহে আছল ভাষা ৷ অনুপম কৌশিকৰ বৰনদীত এই স্বভাব সুলভতা (spontaneity) বিৰাজমান যাৰ বাবে পূৰ্নাংগ মেজিক ৰিয়েলিজম নহলেও তেওঁ বৰনদী ভটিয়াইত এখন সপোন সপোন লগা মাজুলী এখন মেকন্ডৰ দৰেই লগাকৈ উত্থাপন কৰিছে
ছবিখনত কোনো গ্লেমাৰ আৰ্টিষ্ট নাই ৷ জ্যোতি প্ৰসাদ আগৰৱালাই যেনেদৰে ফুনু বৰুৱাৰ দৰে অভিনেতাৰ ভাওনাত কৰা অভিনয় দেখি জয়মতীলৈ লৈ আহিছিল ঠিক তেনেদৰে অনুপম স্বতঃস্ফূৰ্ত অভিনয় প্ৰতিভাৰে সমৃদ্ধ মাজুলীৰ বহুতো গ্লেমাৰহীন প্ৰচাৰ বিমূখ অথচ তীব্ৰ প্ৰতিভাশালী অভিনেতা অভিনেত্ৰীৰ সংযোজন ঘটাইছে সেয়ে অভিনয় বোৰ অসমীয়া ছবিৰ টিপিকেল অতি নাটকীয়তাৰ পৰা মুক্ত৷ খুবেই সাৱলীল ৷
*বৰনদী ভটিয়াই অনুপম কৌশিকৰ cratfmanship ৰ সম্পৰীক্ষা ৷ পূৰ্নাংগ মেজিক ৰিয়েলিজম কেন্দ্ৰিক ছবি নহলেও কিছু সম্পৰীক্ষা মূলক উপাদান আছে যিটো অসমীয়া ছবিৰ ইতিহাসত বিৰল ৷
লোকায়িত বা লৌকিক (mythical) ব্ৰহ্মপুত্ৰ বাবা অথবা হাতত সততে ৰেডিঅ টো লৈ ফুৰা চৰিত্ৰটো একো একোটা লোক কথা আৰু কল্পনাৰ সংমিশ্ৰণ ৷
ছবি খনত দুই এটা সৰু সুৰা দিশথাকিব পাৰে সামগ্ৰিক ভাৱে অনুপম কৌশিক বহুত সফল ৷ সৃষ্টিত উন্মুখ অনুপম কৌশিকক হোমেন বৰগোহাঞিয়ে এগৰাকী কবিৰ ক্ষেত্ৰত কোৱাৰ দৰে বুকুত এটা ধুমুহা আৰু মুৰত একুৰা জুই লৈ ফুৰা মানুহ ৷ ছবিখনৰ বাবেও টিভি চেনেল আদিত প্ৰচাৰ বা হাইপ আদি নকৰা বজাৰ সৰ্বস্ব স্থুলতা বা commodificationৰ পৰা দুৰত থকা মানুহ অনুপম কৌশিক ৷ আহক , বৰনদী ভটিয়াইৰ এবাৰ ৰসাস্বাদন কৰক ৷ অনুপম কৌশিকৰ এই ব্যতিক্ৰমী story telling technique টো নো কি সেইটো চাবলৈ আহক ৷