ভূমিপুত্ৰৰ ইতিহাস- আহোমৰ আগমন আৰু ভূমিপুত্ৰৰ হাহাঁকাৰৰ দিনলিপি
ভূমিপুত্ৰৰ ইতিহাস- আহোমৰ আগমন আৰু ভূমিপুত্ৰৰ হাহাঁকাৰৰ দিনলিপি " Until the lions have their own historians, the history of the hunt will always glorify the hunter" Chinua Achebe পৃথিবীৰ ভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ আত্ম মগন জাতি জনজাতি বোৰৰ মাজত ইতিহাস লেখনৰ উদাহৰন বিৰল৷ অসম বা ভাৰতো তাৰ ব্যতিক্ৰম নহয়৷ আক্ৰমন আৰু লুটপাত আদিৰ জৰিয়তে শাসন শোষন সাম্ৰাজ্য বিস্তাৰ আৰু সাম্ৰাজ্যৰ সন্ধান কৰি ফুৰা সকলৰ মাজতহে ইতিহাস লেখনৰ পাৰম্পৰ্য অধিক সৱল৷ নতুনকৈ কত কি কেনেকৈ দখল কৰিলে আৰু কি দৰে তেওঁলোকৰ শাসন শোষন আৰু দুস্কাৰ্যক বৈধতা দিব পাৰি অথবা স্ব মহিমাৰ গুনজানেৰে অন্য জাতিতকৈ নিজক উচ্চ প্ৰতিপন্ন কৰিব পাৰি সেই চিন্তা আৰু উচ্চাকাংক্ষাৰ দুৰাশাত বন্দী জাতি বোৰে অধিক ইতিহাস লেখনৰ প্ৰতি আগ্ৰহী হয়৷ ই এইছ কাৰে কবৰ দৰে এওঁলোকৰ বাবে ইতিহাস মাছৰ প্ৰতি বুভূক্ষ জনৰ মেজত চটফটাই থকা এটা মাছ-A fish on the slab of fishmonger ৷ এওঁলোকে নিজে বিচৰা দৰে ইতিহাস ৰচনা কৰিব পাৰে৷ এওঁলোকৰ দ্বাৰা ৰচিত ইতিহাসত এওঁলোক নায়ক হৈ উঠে আৰু দুৰ্ভগীয়া পৰাজিত সকল খলনায়ক বা বৰ্বৰ বা দুৰ্বল হিছাপে উপস্থাপিত হয়৷ অসমত আহোম সকলে ১২২৬ চনত ...