Tuesday, 19 August 2025

ভূমিপুত্ৰৰ ইতিহাস- আহোমৰ আগমন আৰু ভূমিপুত্ৰৰ হাহাঁকাৰৰ দিনলিপি

 ভূমিপুত্ৰৰ ইতিহাস- আহোমৰ আগমন আৰু ভূমিপুত্ৰৰ হাহাঁকাৰৰ দিনলিপি

"Until the lions have their own historians, the history of the hunt will always glorify the hunter"
পৃথিবীৰ ভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ আত্ম মগন জাতি জনজাতি বোৰৰ মাজত ইতিহাস লেখনৰ উদাহৰন বিৰল৷ অসম বা ভাৰতো তাৰ ব্যতিক্ৰম নহয়৷ আক্ৰমন আৰু লুটপাত আদিৰ জৰিয়তে শাসন শোষন সাম্ৰাজ্য বিস্তাৰ আৰু সাম্ৰাজ্যৰ সন্ধান কৰি ফুৰা সকলৰ মাজতহে ইতিহাস লেখনৰ পাৰম্পৰ্য অধিক সৱল৷ নতুনকৈ কত কি কেনেকৈ দখল কৰিলে আৰু কি দৰে তেওঁলোকৰ শাসন শোষন আৰু দুস্কাৰ্যক বৈধতা দিব পাৰি অথবা স্ব মহিমাৰ গুনজানেৰে অন্য জাতিতকৈ নিজক উচ্চ প্ৰতিপন্ন কৰিব পাৰি সেই চিন্তা আৰু উচ্চাকাংক্ষাৰ দুৰাশাত বন্দী জাতি বোৰে অধিক ইতিহাস লেখনৰ প্ৰতি আগ্ৰহী হয়৷ ই এইছ কাৰে কবৰ দৰে এওঁলোকৰ বাবে ইতিহাস মাছৰ প্ৰতি বুভূক্ষ জনৰ মেজত চটফটাই থকা এটা মাছ-A fish on the slab of fishmonger ৷ এওঁলোকে নিজে বিচৰা দৰে ইতিহাস ৰচনা কৰিব পাৰে৷ এওঁলোকৰ দ্বাৰা ৰচিত ইতিহাসত এওঁলোক নায়ক হৈ উঠে আৰু দুৰ্ভগীয়া পৰাজিত সকল খলনায়ক বা বৰ্বৰ বা দুৰ্বল হিছাপে উপস্থাপিত হয়৷ অসমত আহোম সকলে ১২২৬ চনত আগমন হোৱাৰ আগলৈকে অসমৰ লাখ লাখ ভুমিপুত্ৰৰ কি কোনো ঐতিহ্য সংস্কৃতি নাছিল নেকি? কোছ, মেচ, চুতীয়া, কছাৰী, কৈৱৰ্ত, নাথ যোগী, কলিতা,৷সুত কলীয়া, ৰাভা হাজঙ, মৰান, বৰাহী, মিছিং, দেউৰী সকলৰ কোনো মহৎ ঐতিহ্য বা পাৰম্পৰ্য, সাংস্কৃতিক পৰিচয় নাছিল নেকি? নিশ্চয়কৈ আছিল৷ আত্ম মগন নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত জনজাতি সকলৰ ৰিপাব্লিকান আৰ্হিৰ জীৱন ধাৰা আছিলেই৷ বাথৌ ব্ৰাই বা শিৱ পূজাৰ ঐতিহ্য কিমান যে পুৰনি! এওঁলোকৰ বিষয়ে জানিবলৈ হ’লে শিলালিপি, পৌৰানিক ধৰ্ম গ্ৰন্থৰাজি, মৌখিক ইতিহাসৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব৷ ঘৰতে সোমাই থকা মানুহক আকৌ কিহৰ বিশদ ইতিহাস লিপিবদ্ধ কৰাৰ প্ৰয়োজন?

যেতিয়া এটা জাতিয়ে আন এটাক আক্ৰমন কৰে তেতিয়া তাৰ ভাষা সংস্কৃতি সকলোকে গ্ৰাস কৰি নিজৰটো জাপি দিয়ে৷ ই এক স্বাভাৱিক পৰম্পৰা৷ কিন্তু অসম মুলুকত তাৰ এটাও সফল নহল কিয়নো বহু পুৰ্বৰে পৰা সবল ৰূপত বিৰাজমান অসমীয়া ভাষাটোক উচ্ছেদ কৰাটো সহজ নাছিল৷ কাজেই চীন বাৰ্মা মূলীয় টাই শান( আহোম) সকলেও নিজৰ টাই ভাষা এৰি অসমীয়া গ্ৰহন কৰিলে৷ নিজৰ ফূৰালুঙ ধৰ্ম এৰি সনাতন ধৰ্ম গ্ৰহন কৰিলে৷ অৰ্থাৎ আহোমৰ আগমনৰ পুৰ্বৰে পৰা অসমীয়া ভাষা সংস্কৃতি অতি সৱল আছিল৷ আহোম সকল অহাৰ পৰাহে যে অসমীয়া জাতিৰ সংস্কৃতি ঐতিহ্য গঢ় লৈছে তেনে নহয়৷
জনজাতীয় সমাজৰ জীৱন ধাৰা শাসন ব্যৱস্থা আৰু ধৰ্মীয় পদ্ধতি কেনে আছিল? আহোমৰ আগমনৰ পিছত যিদৰে যুদ্ধ বিগ্ৰহ মাৰি মৰকত ভমিপুত্ৰৰ মৃত্যু হ’ল নিশ্চয়কৈ সেই গতিত ভূমিপুত্ৰৰ দুৰ্দশা হোৱা নাছিল৷ আহোম সকলৰ একাংশৰ নিমন্ত্ৰনতে সগোত্ৰীয় বাৰ্মাৰ টাই শান মানৰ আক্ৰমনত অসমৰ ভূমিপুত্ৰ জাতি জনজাতিৰ কিমান দুৰ্দশা হৈছিল! মানৰ আক্ৰমনত চাৰিভাগৰ তিনি ভাগ ভূমিপুত্ৰৰ মৃত্যুত জনসংখ্যা আছিলগৈ প্ৰায় ন লাখ মানহে৷ এই বিপুল ক্ষতিৰ সন্মূখীন কিয় হ’ল? বাহিৰৰ পৰা আহি আমাৰ ইয়াত থিতাপি লোৱা সকলৰ খোৱা কামোৰাৰ বাবেই নহয়নে? ইয়াৰ  মূল্য অনাহকতে ভূমিপুত্ৰ সকলে ভৰিব লগীয়া হোৱা নাছিলনে? আহোম এটা জাতি হোৱাতকৈ ই আছিল এক শাসন ব্যৱস্থা, এক ৰাজনৈতিক সংস্কৃতি৷ মৰান, বৰাহী আৰু চুতীয়া সকলকো আহোমৰ জনজাতীয় পাৰম্পৰ্যৰ অন্তভূক্ত হৈ পৰিল৷ সেয়ে ৰাজনৈতিক ক্ষমতা আৰু ভুমিকা বিতৰন পদ্ধতিত সৃষ্ট উপাধি চাই আজি প্ৰকৃততে টাই শান আহোম হয়নে নহয় তাক ঠাৱৰ কৰিব নোৱাৰি৷ 
এডৱাৰ্ড গেইটে কৈছিল- There is, however, this difference, that whereas now, the caste system, to a great extent, preserves a distinct physical type, the earlier philological changes were accompanied by racial fusion. We know that this occurred after the Ahom invasion of Assam, when many Chutiya, Morän and Borahi families were incorporated in the Ahom tribal system and, by lapse of time genuine Ahoms."
লাচিতত ডেকাৰ দৰে চুতীয়া যুৱকেও বৰফুকনৰ বাব লৈছিল৷
আনকি মুছলমান এসময়ত নগদ ধন দি বৰফুকনৰ পদটো ক্ৰয়ো কৰিছিল৷
গেইটে উল্লেখ কৰিছে যে অসমৰে হওঁক বা দক্ষিণ ভাৰতৰে হওঁক এই প্ৰাচীন অধিবাসী সকল আফ্ৰিকাৰ পৰা হাজাৰ হাজাৰ বছৰ পুৰ্বেই বিশ্বজুৰি বিয়পি পৰা সময়ৰে৷ হাবি জংঘল পাহাৰ পৰ্বতে ভৰি নথকা উত্তৰ পুবো মুল ভাৰত ভুমিৰ দৰে আৰ্য সংস্কৃতিৰে গঢ় ললে হেতেন আৰু পৌৰানিক জনজাতীয় দোৱান আৰু সংস্কৃতিৰ ঠাই ললে হেতেন আৰ্য মূলীয় ভাষা সংস্কৃতিয়ে৷ সেয়ে বহু পৰিমানে অসম তথা উত্তৰ পুবৰ জনজাতীয় পৰিচয় বহু দিনলৈ অটুট হৈ থাকিল৷
আহোমৰ আগমনত আটাইতকৈ ক্ষতি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জাতিটো হ’ল বড়ো কছাৰী সকল৷ অসমৰ প্ৰায়বোৰ নদ নদীৰ নাম বড়ো di/ti আদিৰে (ডিব্ৰু, দিখৌ, দিহিঙ,দিহঙ, দিবঙ, দিছাং, দিফং আদি)
ম্ভ হোৱাৰ বিপৰীতে আহোম সকলে ’নাম’ শব্দৰে নৈ আদিৰ নামকৰন (নামৰূপ, নামছাই আদি) কৰিলেও( gait 7) কছাৰী সকলৰ নামকৰনৰ ঐতিহ্যক বিলুপ্ত কৰিব নোৱাৰিলে!কালক্ৰমত এই বড়ো কছাৰী সকলে খেদা খাই খাই বিভিন্ন ঠাইত সিচৰিত হৈ পৰিল৷ আহোমৰ আগমনত পৰিচয় আৰু অস্তিত্বৰ সংকটত সন্মুখীন হোৱা সকলৰ ভিতৰত অন্যতম হ’ল বড়ো কছাৰী সকল৷ তেতিয়াৰ দিনত বৰ্তমান সঘনাই উচ্চাৰিত জাতি/ ৰাষ্ট্ৰৰ সু সংহত ধাৰনা নাছিল৷ বিভিন্ন জনগোষ্ঠীৰ মাজত তেনেকৈ সংহতিয়ো নাছিল৷ গেইট আৰু ডেৱিদ স্কটে কবৰ দৰে তেতিয়াও সৰু সৰু গোটত বিভক্ত জনজাতি সকলে একোজন মুৰব্বীৰ অধীনত শাসিত হৈ এক ৰিপাব্লিকান আৰ্হিত জীৱন যাপন কৰিছিল৷ দেশ বিদেশলৈ হেংদাঙ যাঠি আদি লৈ আক্ৰমন কৰিবলৈ যোৱাত আগ্ৰহ নাই আৰু নিজৰ পাহাৰ পৰ্বতটোত সুখে সন্তোষে খাই বৈ জীয়াই থকা জনজাতীয় ভূমিপুত্ৰ সকলে মোগল বা আহোমৰ দৰে ইতিহাস লেখাৰ দৰকাৰ নহৈছিন৷ মৌখিক ইতিহাস, শিলালাপি আৰু ধৰ্ম গ্ৰন্থতে কিবা বিৱৰন যদি আছিল সেয়াই পৰ্যাপ্ত আছিল৷ এই জাতি জনজাতিবোৰে আহোমৰ আগমনৰ লগে লগে প্ৰৱল হাহাঁকাৰৰ সন্মুখীন হ’ল৷
খামজাঙ পাৰহৈ চুকাফাই তিনিশ ঘোৰা আৰু নহাজাৰ মানুহৰ সৈতে নংয়াঙ হ্ৰদত প্ৰৱেশ কৰে৷ নগা সকলক আক্ৰমন আৰু পশুৱৎ অত্যাছাৰৰ কথা উল্লেখ কৰিছে গেইটে৷ 
image/jpeg:EA04D84D-6DA7-4251-B099-3E6C6E1EA402/513174CB-6AFE-440F-AD6C-4E7B2214EDC8:500.000000:375.000000
আহোমে বৰ্বৰ ভাৱে আক্ৰমন কৰা পাংছু পাছৰ টাংছা সকল ৷ আলোকচিত্ৰ- নেহৰু সংগ্ৰহালয়, ইটানগৰ

প্ৰায় দেৰ কিলোমিটাৰ দৈঘ্যৰ আৰু ০.৮ কি মি বহল হ্ৰদটো লিডু ৰোড( তাহানিৰ ষ্টিলৱেল ৰোড) ৰ দক্ষিন পশ্চিমে প্ৰায় আঢ়ৈ কিলোমিটাৰ দুৰত্বত পাংছু পাছত অৱস্থিত৷ তাত টাংছা সকলে এতিয়াও বসবাস কৰি আছে৷ এই টাংছা সকলেই গেইটে কোৱা নগা সকলৰ উপ সমষ্টি(sub set)৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈন্য সকলে এই হ্ৰদক লেক অৱ ন ৰিটাৰ্ন আখ্যা দিছিল৷ হিংস্ৰ জনজাতিৰে ভৰপুৰ এই ঠাইত হামেপ উৰা জাহাজ বোৰ দুৰ্ঘটনাত পতিত হলে বিছাৰি পোৱা টান৷ এই হ্ৰদটোক লৈ বহুতো মুখৰোচক মিথ বিদ্যমান৷ পৰ্বতাৰোহী আৰু অভিযানকাৰী জয়দীপ চিৰকাৰে ২০০২ চনত এই হ্ৰদত উপস্থিত হৈছিলগৈ৷ দ্য টেলিগ্ৰাফ কাকতত উল্লেখ কৰা অনুসৰি এই মিথবোৰ একো একোট অতিৰঞ্জন৷ তাৰ বাস্তৱভিত্তি নাই৷ 
আহোমে থলুৱা টাংছা সকলৰ ওপৰত যিদৰে বৰ্বৰ অত্যাছাৰ কৰিছিল তাৰ উদাহৰন পৃথিবীৰ কোনো আক্ৰমনকাৰীৰ মাজত পাবলৈ নাই৷ মোগল বা আফগান সকলেও ইমান ভয়াৱহ হিংস্ৰভাৱে আক্ৰমন কৰা নাছিল৷ পৰৱৰ্তী পৰ্যায়ত আহোমৰ সগোত্ৰীয় ভাই ৰজা মানহতেও এইদৰে বৰ্বৰ ভাৱে অসমত আক্ৰমন চলাইছিল৷ বাৰ্মা য়ুনান মুলৰ টাই শান সকলৰ হিংস্ৰতাৰ বিষয়ে গৱেষনাৰ থল আছে যদিও আজিলৈকে কোনেও কৰা চকুত পৰা নাই৷ টাংছা সকলৰ ওপৰত কৰা এই পশুৱৎ অত্যাছাৰত শংকিত হৈ অন্য নগা জনজাতি সকলেও আহোমৰ শৰনাপন্ন হবলৈ বাধ্য হয়! এই দিশৰ পৰা চুকাফা নাদিৰ শ্বাহ, গজনী বা আবদালিতকৈয়ো বৰ্বৰ আছিল!
তাৰ পিছতে এজন ৰাজ পাৰিষদৰ হাতত নগা এলেকাৰ শাসন ভাৰ গটাই চুকাফা নামৰূপলৈ আহে আৰু পিছত টিপাম পায়হি৷ বড়ো কছাৰী সকলে নামকৰন কৰা দিহিং নৈ পাৰ হৈ আহে৷ কছাৰী সকলৰ মনোগজগতত তেতিয়া কি ভাৱৰ উৎপত্তি হৈছিল সেয়া সহজেই অনুমেয়৷ ১২৪৬ চনত শিমলুগুৰিত উপস্থিত হোৱা চুকাফাই নামদাঙ অঞ্চলত অধিবাসী সকলৰ ওপৰত প্ৰচন্ড ভাৱে নগা সকলৰ কৰাৰ দৰে আক্ৰমনৰ পৰিকল্পন কৰে কিন্তু জনসংখ্যা অধিক দেখি সেই সিদ্ধান্ত নাকছ কৰে৷
চুকাফাই অসমৰ জনজাতিবোৰৰ সংখ্যা আৰু সামৰিক শক্তি উপলব্ধি কৰি আক্ৰমনৰ পৰিৱৰতে সন্ধিৰে মৈত্ৰী স্থাপন কৰিছিল৷ ইয়াত চুকাফা বা টাই শান আহোমৰ বিশালতা উদাৰতা একোৱেই নাছিল৷ ৰাজনৈতিক কৌশলহে আছিল৷ বৰ্বৰতা তেতিয়াও অক্ষুন্ন আছিলেই৷ ভূমিপুত্ৰৰ বেলি এনেকৈয়ে মাৰ যায়! এই ইতিহাস আজিকোপতি অনালোচিত, উপেক্ষিত৷
মৰান বৰাহী সকল যাৰ ভাষা একালত বড়ো আছিল কালক্ৰমত টাই শান সকলৰ ৰীতি নীতি পালন কৰি হৈ পৰিল আহোম আৰু আহোম হৈ পৰিল এটা ৰাজনৈতিক সংস্কৃতি! টাই শান আহোমক বিবাহৰ বাবে লগা হ’ল পৰ্যাপ্ত থলুৱা মহিলা৷ কাজেই আহোম হৈ পৰিল এক বৰ্ণ শংকৰ সংমিশ্ৰন৷ সেয়ে আহোমক এটা নিদিষ্ট জনজাতি বুলি কোৱাটো বা চিহ্নিত কৰাটো এক মুৰ্খামি- অজ্ঞান আন্ধাৰত লীণ হৈ থকাৰে নামান্তৰ৷

Monday, 19 May 2025


 

চৈয়দ চাদুল্লা আৰু মুছলীম লীগৰ পাকিস্তানৰ সপোন



ইতিহাসৰ চাঁ পোহৰত চৈয়দ চাদুল্লা আৰু মুছলীম লীগৰ পাকিস্তানৰ সপোন আৰু শৰবিদ্ধ অসমীয়া- অনালোচিত চিঠিৰ প্ৰসংগৰে

                            


ভাস্কৰ জ্যোতি নাথ

 

পটভূমি:

 

’এবাহ ভূতহে যেন মাটিৰ ওপৰেদি লাহে লাহে ওপঙি গৈ আছে’’ -ইনাৰলেন্ডস্কেইপ

’ ড° ধ্ৰুৱজ্যোতি বৰাৰ মেটাফিকশ্যন ’ ইনাৰলেন্ডস্কেপ’ত প্ৰটাগনিষ্ট আৰু কথক বৃন্দাবনী বাৰ্মিজ আক্ৰমনৰ সময়ত পৰিয়ালৰ সৈতে নাৱেঁৰে উজাই আহিছে ৷ ইফালে বৃন্দাবনীৰ দেউতাক হতেঁও গাৱঁ এৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ ফালে আঁতৰি গৈছে৷

এইয়াই আছিল উনবিংশ শতিকাৰ অসমৰ দৃশ্য৷৷ মানৰ আক্ৰমনৰ দিনবোৰত ঘৰ দুৱাৰ এৰি পলোৱা মানুহবোৰে ধন সোন পুখুৰীত দলিয়াই বা মাটিত পুতি পলাইছিল৷ ধন সোন মাটিত কেতিয়াবা পুতি ৰখাটো তেতিয়া দিনৰ অসমীয়া মানুহৰ অভ্যাস আছিল৷ যিবোৰে জংঘলত সোমাই কোনোমতে জীয়াই আছিল জংঘলতে পোৱা বনৰীয়া আলু কচু ফল মুল খাই পেট প্ৰৱতাইছিল৷ তাৰ হাত ধৰি অহা হাইজা , কলেৰা মহামাৰীত সৰহভাগ মানুহৰ মৃত্যু হ’ল৷ গাৱঁ, নগৰ , খেতি পথাৰ সকলোতে বিৰাজ কৰিছিল এক ভয়াৱহ আৰু কৰুণ এক ঔদাসীণ্য৷ অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মিংয়ান নগৰত অৱস্থিত য়ান্ডাবু নামৰ গাৱ খনত ইষ্ট ইন্ডিয়া কোম্পানী আৰু আভা ৰজাৰ মাজত স্বাক্ষৰিত চুক্তিৰ পিছতে অসম কোম্পানীৰ অধীন হয়৷ শাসন ভাৰ লৈ কেপ্টেইন ডেভিদ স্কটে নিৰ্দেশ জাৰি কৰিছিল যে কোনেও যাতে ধন সোন মাটিত পুতি নথয়৷

মানৰ আক্ৰমনে তচনছ কৰা অসমৰ তৃতীয়াংশ মানুহৰ মৃত্যুত বহু বছৰলৈ উকা হৈ ৰৈছিল খেতি পথাৰ হাবি বন৷ চৰম দাৰিদ্ৰই অসমক গ্ৰাস কৰিছিল৷ কন্দপেশ্বৰ আৰু পুৰন্দৰৰ পৰিয়ালে সৰু সুৰা শ্ৰাদ্ধ বিয়া আদি পাতিবলৈয়ো কোম্পানী চৰকাৰৰ ওচৰত টকা পইচা বিছাৰি আৰ্জি দিছিল৷ অসমলৈ লৈ আহিছিল বঙালী লোক সকলক অফিছ কাছাৰীৰ কাম কাজ চলাবলৈ৷ ১৮৭৪ চনত অসমক বেংগল প্ৰেছীদেন্সীৰ অন্তভূক্ত কৰা হয় আৰু এগৰাকী চীফ কমিছনাৰৰ তত্বাবধানত শাসন কৰা হয়৷ চিলেট জিলা (শ্ৰী হট্ট) অসমৰ কমিছনাৰ অধীন হয়৷ কোম্পানীৰ ধাৰনাত অসম হৈ পৰিছিল বংগৰে এচপৰা মাটি ৷ বেংগল নেটিভ ইনফেন্ট্ৰিৰ মেজৰ জন বাটলাৰে অসমৰ বিশাল চন পৰা মাটি উকা পথাৰ অৰণ্য প্ৰত্যক্ষ কৰি তেওঁৰ ভ্ৰমন বৃতান্তত লিপিবদ্ধ কৰিছিল যে এই জনশূন্য অসম খনক বংগৰ সৈতে একগোট কৰি এটা বৃহত্তৰ বাণিজ্য কেন্দ্ৰ হিছাপে গঢ় দিব পাৰি৷ অৰ্থনৈতিক উন্নয়নৰ অচিলালৈ অসমৰ জনসাংখ্যিক গাথনি পৰিৱৰ্তনৰ কথা ভাবিবলৈ কোম্পানীক এনেবোৰ লেখাই প্ৰেৰনা যোগালে৷ চাহ বাগানৰ বাবে ঝাৰখন্ড , ছোটনাগপুৰ আদিৰ পৰা আনিলে আদিবাসী সকলক৷ ৰেল পথ নিৰ্মান, বিশাল অব্যৱহৃত ভূমিত ধান, মৰাপাট আদি কৰিবলৈ দি ৰাজহ আদায় কৰাৰ স্বাৰ্থত লৈ আহিলে বংগৰ পমুৱা দাৰিদ্ৰ পীড়িত , মাটিৰ বাবে ক্ষুধাতুৰ মানুহবোৰক৷

ব্ৰিটিছ ইন্ডিয়াৰ ৰাজধানী বংগত (কলিকতা) হোৱা বাবে বংগত এটা ৰেনেছাঁৰ সূচনা হোৱাৰ লগতে চিলেটৰ দৰে ঠাইতো ইংৰাজী বাংলা লেখিব পঢ়িব জনা মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে৷ যুদ্ধ জয়ৰ পিছত বিজেতাই পৰাজিতৰ ওপৰত ভাষা সংস্কৃতি ধৰ্ম জাপি দিয়াৰ দৰে, এংলো চেক্সনৰ ওপৰত ফৰাছীঁ ডিউকে ফৰাচী জাপি দিয়াৰ দৰে অসমত অসমীয়া আতঁৰাই জাপি দিয়া হ’ল বাংলা ভাষা৷ নৰ্মান ফৰাছীৰ হাতত পৰি ইংৰাজী চহা কৃষকৰ ভাষা হিচাপে পৰিগনিত হোৱাৰ দৰে অসমীয়া ভাষাৰো একেই গতি আছিল৷ আইৰ মুখৰ ভাষা হেৰুৱাই যতীন্দ্ৰ নাথ দুৱৰাঁৰ দৰে দৰদী কবিয়ে শ্ৰেনীকোঠাত উচুপি উঠিল৷ এনে সময়তে আৱিৰ্ভাৱ হ’ল ছাৰ চৈয়দ চাদুল্লাৰ যি অসমক অন্তহীন কালৰ বাবে দি গ’ল এটা কঢ়িয়াব নোৱাৰা বোজা আৰু অপৰিসীম দুৰ্দশা৷ অসমীয়া জাতিক দি গ’ল অস্তিত্ব সংকটৰ দুস্প্ৰাপ্য সমল-পূৰ্ব বংগীয় পমুৱা মুছলমান- সচৰাচৰ ভাষাত মিঞা৷ কোনো বৃহৎ প্ৰাকৃতিক দুৰ্যোগত অসম আৰু অসমীয়া সমুলঞ্চে ধ্বংস হৈ নোযোৱালৈকে ইয়াৰ পৰা অসমীয়াৰ পৰিত্ৰান নাই৷

 

ছাৰ চৈয়দ চাদুল্লা! উত্তৰ পুবৰ পৰা ড° আম্বেদকাৰৰ সৈতে ভাৰত বৰ্ষৰ সংবিধানৰ খছৰা প্ৰস্তুত কৰা একমাত্ৰ ব্যক্তি৷ ব্ৰিটিছে ছাৰ উপাধিৰে সন্মানিত কৰা অতি তীক্ষ্ণধী পান্ডিত্যৰে গৰীয়ান চাদুল্লাৰ ব্যক্তিত্বৰ জিলিকনিত কলিকতাৰ বিদ্ধৎ মহল স্তম্ভিত হৈছিল৷ ইৰাকৰ পৰা সোত্তৰশ শতিকাত অসমলৈ আহি আজান পীৰ হিছাপে প্ৰসিদ্ধি লাভ কৰা বিখ্যাত চুফী সাধু ইছলাম ধৰ্মৰ প্ৰছাৰক হজৰত শ্বাহ মীৰাণৰ বংশজ হিছাপে পৰিচয় দি ভাল পোৱা তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধীস্থিত হোৱা গোলাঘাটৰ খিলঞ্জীয়া অসমীয়া এই গৰাকী চৈয়দ চাদুল্লাই মহম্মদ আলী জিন্নালৈ দহ এপ্ৰিল, ১৯৪৭ তাৰিখৰ পত্ৰ খনত অসমক পাকিস্তানৰ সৈতে চামিলৰ ব্যৰ্থতা পৰ্যবেক্ষন কৰি লেখিছিল যে অদুৰ ভৱিষ্যতে যদি অসম স্বাধীন প্ৰদেশ হয় অথবা হিন্দুস্তানৰ সৈতেও থাকে তেতিয়াও পাকিস্তানৰ অংশ হবলগীয়া বংগৰ তলতেই থাকিব৷ কাৰন বংগৰ মাজেদিহে অসমৰ বাট৷ "Bengal will have whip hand over Assam to make Assam ask for grouping with Bengal" ৪ মুছলমানৰ বাবে এখন স্বত্বন্তৰীয়া ৰাষ্ট্ৰ দাবী কৰা আৰু অসমত বঙালী মুছলমানৰ ’Lebensrum’ গঠনত সহায়ক হোৱাৰ দাবীত মুছলমানৰ ঐক্য আৰু ’ ইছলামৰ মহৎ উচ্চাস’ক ৫ লৈ সৰৱ হোৱা কট্টৰ জিন্নালৈ পত্ৰেৰে সমৰ্থন জনোৱা চাদুল্লাৰ পুৰ্ব পুৰুষ আজান পীৰে এক ধৰ্মীয় আৰু সাংস্কৃতিক জাগৰনৰ জন্ম দি গাইছিল ’ হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান’৷ বিধিৰ কি বিপাক যে তেওঁৰেই উত্তৰ প্ৰজন্মৰ আটাইতকৈ মেধাৱী ব্যক্তি গৰাকীয়েই ’হিন্দু মুছলমান-একে আল্লাৰ ফৰমানক’ বিস্মৃতিৰ গৰ্ভলৈ ঠেলি জিন্নাৰ কথাত কেৱল ইছলামৰ ধ্বজাবাহী হৈ অসমলৈ পুৰ্ব বংগীয় মুছলমান লাখে লাখে আনি পাকিস্তানৰ সপোন দেখিছিল৷ কি এক বিড়ম্বনা! অতি তীক্ষ্ণধী মেধা পান্ডিত্যৰ বিৰল সংমিশ্ৰন এই গৰাকী কছাৰীহাটৰ অসমীয়াই মুছলমান ৰাষ্ট্ৰৰ দাবীত ’Direct action day’ ৰ প্ৰতিবাদী কাৰ্যসূছীৰ সমৰ্থনত ব্ৰিটিছ চৰকাৰে দিয়া ছাৰ/নাইট খিতাপি ত্যাগ কৰিলে৷ ’বংগৰ কচাই’ খ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি অহা উচ্চ শিক্ষিত হুছেইন চোহৰাৱৰ্দিৰ উচটনি আৰু গোপন পৃষ্ঠপোষকতাত ’direct action day’ পিছত কলিকতাৰ ৰাজপথত বৈ গ’ল হাজাৰ হাজাৰ হিন্দু মুছলমানৰ তেজৰ নৈ৷ এবছৰ পূৰ্বে নাজী কনচেনট্ৰেশ্যন কেম্পৰ ফটো সংগ্ৰহ কৰি কলিকতাত উপস্থিত হোৱা সাংবাদিক মাৰ্গাৰেট বুৰ্ক হোৱাইটে কেমেৰাত আৱদ্ধ কৰা সাম্প্ৰদায়িক হিংসা আৰু হত্যালীলাৰ ফটো চপাবলৈ গৈ লাইফ আলোচনীৰ সম্পাদকৰ হাত কপি উঠিল৷ টাইম আলোচনীয়ে দুসাহস কৰি এখন চপালে৷ ফটো খনৰ নাম কৰন কৰিলে ’ The vultures of Kolkata"! 

এই ভয়াৱহ সাম্প্ৰদায়িক হিংসাত প্ৰান হেৰুৱালে অসমৰ প্ৰতিভাশালী কবি অমূল্য বৰুৱাইয়ো৷ চুহৰাৱৰ্দিয়ে১৬ আগষ্ট শুক্ৰবাৰৰ ডাইৰেক্ট একশ্যনৰ দিনা উত্তেজিত ভাষন দিয়াৰ পিচতে হত্যালীলা আৰম্ভ হয়৷ তেওঁ উক্ত সভা খনত সমৱেত সকলক উদ্দ্যেশি কৈছিল -"  Bloodshed and disorder are not necessarily evil in themselves, if resorted to for a noble cause." 

 

অৱশ্যে শেষৰ ফালে কিছু নৰম স্থিতি গ্ৰহন কৰা চাদুল্লা লীগাৰ( লীগৰ সদস্যক ইংৰাজীত লীগাৰ কোৱা হয়) হিছাপে আন লীগাৰতকৈ কিছু নমনীয় আছিল৷ পৈণত বয়সত এগৰাকী বিশিষ্ট নামজ্বলা ঔপন্যাসিক লেখক হিছাপে খ্যাতি অৰ্জন কৰা এগৰাকী অসমীয়া সাহিত্যিকো তজবজীয়া ডেকা বয়সত এই বিচিন্নতাকামী হিংস্ৰ লীগৰ সদস্য আছিল৷ অসম পাকিস্তানত অন্তভুক্ত নোহোৱাৰ পৰৱৰ্তী কালত এই স্বনামধন্য সাহিত্যিক গৰাকীয়ে জনমে মৰনে অসমীয়া হৈ অসমক ভালপোৱাৰ আৰু আনুগত্যৰ চানেকি দি অসমীয়া সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে৷ সাহিত্যিক সৌহাদ্যৰ আৰু তেখেতৰ সাহিত্য কৃৰ্তিৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে এই বিষয়ে বিতংকৈ কবলৈ আমি আগ্ৰহী নহয়৷ অৱশ্যে আৰু এগৰাকী কবি আছিল৷ তেওঁ হ’ল বিখ্যাত উৰ্দু কবি ইকবাল৷ ছাৰ ছৈয়দ আহমদ খানে টু নেশ্যন থিয়ৰীৰ কথা কলেও মুলত তাক জনপ্ৰিয় কৰিছিল কবি ইকবালেহে৷

 


বহু সময়ত ভাৱ হয় কোনোবা সময়ত ’ অসমৰ ইতিহাসত ক্লডিয়াছৰ দৰে খলনায়কৰ ভুমিকা লোৱা চাদুল্লাইয়ো হেমলেটৰ দৰে দ্বিধাগ্ৰস্ত হৈছিল নেকি বাৰু?কাকতালীয় ভাৱে ভাৰতত অনলাইন শ্বপিঙ চাইটতো উপলব্ধ নোহোৱা মহম্মদ আলী জিন্নাৰ এসময়ৰ ঘনিষ্ঠ কৰাছীৰ ছৈয়দ চৰিফুদ্দিন পীৰজাদাই সংকলন আৰু সম্পাদনা কৰা ’Quaid e Azam Jinnah’s correspondence’ মোৰ হাতত পৰিলহি৷ অদ্যপি এই কিতাপ খনৰ বিষয়ে অসমৰ বৌদ্ধিক মহলত চৰ্চা হোৱা শুনা নাই৷ যদি কৰবাত হৈছেও সি মোৰ জ্ঞাত নহয়৷

পীৰজাদা সংকলিত ’জিন্না কৰেছপন্ডেঞ্চ’ত সন্নিবিষ্ট আব্দুল মটিন চৌধুৰী আৰু মৌলানা আব্দুল হামিদ খান ভাচানীৰ চিঠি সমুহ আৰু তেওঁলোকলৈ প্ৰত্যুত্তৰত দিয়া জিন্নাৰ চিঠি সমুহ পঢ়াৰ পিছত ভাৱ হ’ল যে লীগৰ পাকিস্তানৰ স্বপ্নত বিশ্বাস কৰি অসমলৈ চৰকাৰী আচনিৰ দোহাই দি লাখ লাখ মিঞাক সংস্থাপনত ভুমিকা ললেও চাদুল্লাই লীগৰ সকলো কথাৰ ভু ভা পোৱা নাছিল৷ চাদুল্লাক সকলো কথাৰ উমান নিদিয়াকৈ বহুতো কামৰ ব্লু প্ৰিন্ট তৈয়াৰ কৰা হৈছিল৷ভাইছ ৰয় ৱাভেললৈ অসমৰ গৱনৰ ছাৰ এন্ড্ৰিউ গৰ্লে ক্লয়ে ১৯৪৭ চনৰ ১৯ মাৰ্চত প্ৰেৰন কৰা চিঠিত উলেলেখ কৰিছিল যে লীগৰ নগাৱৰ অধিৱেশনত চাদুল্লাই অংশ গ্ৰহন কৰা নাই৷স্বাধীনতাৰ একেবাৰে নিকট অৱস্থাত চাদুল্লাই লীগৰ পৰা কিছু দুৰত্বত অৱস্থান কৰাৰ যত্ন কৰিছিল৷লীগেও সম্পুৰ্ন আস্থাত লব নোৱাৰা হৈছিল৷ কিন্তু কিয়?


পীৰজাদাৰ সংকলিত গ্ৰন্থত চিঠিবোৰ পঢ়াৰ পিচত ভাৱ হ’ল পুৰ্ব বংগৰ বঙালৰ আমদানিৰ এই বিশাল যাত্ৰাত তেখেত কোনোৱা সময়ত থমকি ৰৈছিল নেকি?বিধান সভাত হোৱা উত্তপ্ত তৰ্ক বিতৰ্কই এই বিষয়ত কি কয়? ইয়াৰ অভ্যন্তৰলৈ যোৱাৰ পূৰ্বে পীৰজাদাৰ দ্বাৰা সংকলিত চিঠি বোৰৰ বিষয়ে সম্যক আলোচনা কৰিলে আছল চবি খন পাম৷ চাদুল্লাৰ চিঠি খন আৰু সমসাময়িক ভাৱে মটিন চৌধুৰী আৰু ভাছানীৰ চিঠি পঢ়িলেই ছবি খন কিছু পৰিমানে স্পষ্ট হয়৷

১৫ ডিচেম্বৰ ১৯৪১ তাৰিখৰ চিঠি খনত ভাছানীয়ে জিন্নালৈ লেখিছে যে ধুবুৰীৰ হামিদাবাদ(ঘাগমাৰী) নামৰ গাৱ খনতে সৰ্ব ভাৰতীয় মুছলীম লীগৰ সভা অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে৷ 

১৯৪৪ ৰ ১১ ডিচেম্বৰৰ চিঠি খনত জিন্নালৈ ভাছানীয়ে লেখিছে "অসমত থাপিবলৈ অনা পমুৱা মুচলমানৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ ইয়াৰ মুলতে হৈছে ছৈয়দ চাদুল্লাৰ বিৰোধী ৰূপ ( antagonistic attitude)৷ মুছলীম লীগে পমুৱা মুছলমানক অসমত সংস্থাপনৰ বাটত থকা শেষ হেঙাৰ স্বৰূপ লাইন প্ৰথা বাতিলৰ বাবে বাৰম্বাৰ কৰা হেছাঁ প্ৰদান কৰা আৰু দলে দলে আহি থকা মৈমনসিঙীয়াৰ বাবে বাসভুমিৰ ব্যৱস্থা কৰাটো বিধান সভাৰ কংগ্ৰেছ সদস্যৰ তীব্ৰ বিৰোধিতাৰ বাবে এসময়ত চাদুল্লাইয়ো এসময়ত কিছু নিৰ্লিপ্ত হবলৈ বাধ্য হয়৷’’

বিধান সভাত বাজেট অধিবেশনত হোৱা বিতৰ্কত অংশ গ্ৰহন কৰা সদস্য সকলৰ বক্তব্য

 

১৷ “জনজাতীয় লোক সকলক চনপৰা মাটিত থাকিবলৈ বাধ্য কৰি ট্ৰাইবেল বেল্ট ব্লকবোৰ মৈমনসিঙীয়াবোৰৰ বাবে খুলি দিয়া হৈছে৷ চৰকাৰী বিষয়া বোৰে মৈমনসিঙীয়াক মাটি আবন্টন দিয়াত অধিক উৎসাহ দেখুৱাইছে"- ৰবি চন্দ্ৰ কছাৰী বিধান সভাত ১৯৪৫ চনৰ মাৰ্চৰ বাজেট অধিৱেশনৰ বিতৰ্কত অংশ লৈ দিয়া বক্তব্য


২৷ “অসম উপত্যকাৰ সৰ্বমুঠ সোত্তৰ লাখ মুছলমানৰ ভিতৰত মাত্ৰ চাৰি লাখহে খিলঞ্জীয়া মুছলমান আছে৷ বাকী তেৰ লাখেই বংগৰ পৰা অহা৷ অসম, বংগ, পাঞ্জাৱ, আৰৱ, ইজিপ্তৰে হওক সকলো মুছলমান ভাই৷ মই মুছলমানৰ মাজত শ্ৰেনী বিভাজন নকৰো৷ কিন্তু আমাক বঙালী মুছলমান বুলি কোৱা হয় আৰু অসমত আমি নাগৰিক অধিকাৰৰ পৰা বঞ্চিত হৈছো"৷- মৌলানা মতিউৰ ৰহমান মিঞাৰ বিধান সভাত ১৯৪৫ চনৰ মাৰ্চৰ বাজেট অধিৱেশনত দিয়া বক্তব্য

৩৷“পুৰ্ব বংগৰ মিঞাক অসমৰ মাটিত বহুৱাবলৈ লোৱা চৰকাৰৰ নীতিয়ে ৰাজ্য খনত শান্তি ভংগ কৰাৰ লগতে আইন শৃংখলাৰ অৱনতি হৈ গৃহযুদ্ধৰ পৰ্যায় পাইছেহি৷ খিলঞ্জীয়া মানুহৰ ধৈৰ্যৰ বান্ধ ছিগাৰ উপক্ৰম হৈছে৷ অনতিপলমে মৈমনসিঙীয়াক অসমৰ মাটিত বহুৱাৰ কাৰবাৰ বন্ধ হব লাগে আৰু খিলঞ্জীয়া মানুহৰ বাবে ৰাহি হোৱা ভুমি সংৰক্ষন কৰিব লাগে" - কংগ্ৰেছ সদস্য সৰ্বেশ্বৰ বৰুৱাৰ বিতৰ্কত অংশ গ্ৰহন কৰি মন্তব্য , বাজেট অধিৱেশন , মাৰ্চ, ১৯৪৫

ভাচানীয়ে চিঠিত লেখিছিল যে ইফালে কংগ্ৰেছে পাকিস্তান গঠনৰ সকলো সপোন মষিমুৰ কৰিছে৷ ছাদুল্লাক ভুমিহীনৰ সপক্ষে আইন প্ৰস্তুত কৰিবলৈ কব লাগে৷ ছাদুল্লা চৰকাৰে কেন্দ্ৰক পলিছী প্ৰস্তুত কৰা বুলি আভুৱা ভাৰিছে৷ আনকি চাদুল্লাই চেন্ট্ৰেল এছেম্বলীৰ শেষৰটো উপ নিৰ্বাছনত ভোট গ্ৰহন কেন্দ্ৰত উপস্থিত থাকিও এজনো প্ৰাথীক ভোট নিদিলে৷ তেওঁ লীগকো অসন্তুষ্ট কৰিছে"৷

 

১৯৪৪ চনৰ ২০ ডিচেম্বৰৰ চিঠি খনত ভাছানীয়ে কিছু শংকাৰে খেদ ব্যক্ত কৰে যে নগাৱ জিলাত মিঞা বোৰক ভুমি সংস্থাপন দিয়াত বৃহৎ সমস্যাৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিত মুছলীম লীগৰ জেষ্ঠ নেতা লিয়াকৎ আলী খানক পৰিস্থিতি চম্ভালিবৰ বাবে অসমলৈ আহিবলৈ জিন্নাই অনুৰোধ কৰিব লাগে৷ তাৰ উত্তৰত জিন্নাই জনায় যে তেওঁৰ পক্ষে লিয়াকৎ আলীক কোৱাটো সম্ভৱপৰ নহব ৷ সেয়ে ভাছানীয়ে নিজে লিয়াকৎ আলী খানক অনুৰোধ কৰা উচিত৷ ১৯৪৫ চনৰ ৬ মাৰ্চৰ চিঠি খনত ভাছানীয়ে জিন্নালৈ দীঘলীয়া পত্ৰ যোগে বৰপেটা ছাব ডিভিজনৰ ( তেতিয়া দিনত ছাব ডিভিজন আছিল) কাৱৈমাৰী ৰিজাৰ্ভত বহুৱা মিঞা বোৰৰ দুৰ্গতিৰ বিষয়ে বৰ্ননা কৰে৷ তেওঁ কয় " এই পমুৱা মুছলমান বোৰক ওঠৰ হেজাৰ বিঘাৰ মাটি আগুৰি থকা বৰপেটা টাউনৰ পৰা বাৰকিলোমিটাৰ দুৰৈৰ ৰিজাৰ্ভত সাতশ পঞ্চল্লিশটা মিঞাৰ পৰিয়ালক চাৰিমাহ আগতে বহুৱা হৈছিল৷ উক্ত গ্ৰেজিঙত থকা খিলঞ্জীয়া হিন্দু সকলে উপায়ুক্তক পত্ৰ যোগে শান্তি সম্প্ৰীতি ভংগ হোৱাৰ আশংকা ব্যক্ত কৰাত বৰপেটাৰ এছ ডিছি আৰু বৰপেটা থানাৰ অছিয়ে এদল পুলিছ লৈ কৈমাৰী ৰিজাৰ্ভলৈ আহে আৰু অবৈধ অনুপ্ৰৱেশকাৰী হতঁৰ কেইটামান ঘৰ ধ্বংস কৰি উক্ত ঠাই খালী কৰিবলৈ এসপ্তাহ সময় ধাৰ্য কৰি দিয়ে৷ তেতিয়ালৈকে উক্ত ৰিজাৰ্ভত এটা আৰক্ষীৰ দলো মোতায়েন কৰে৷ এই দলটোত আছিল ছজন কনিষ্টবল আৰু এজন হাবিলদাৰ৷ এদিন অনুপ্ৰৱেশকাৰী সকলৰ সৈতে পুলিচৰ তৰ্ক বিতৰ্কই বিষম ৰূপ লোৱাত আৰক্ষীয়ে গুলী ফুটাবলৈ বাধ্য হয়৷ এসময়ত বৰপেটা থানাৰ অছি গৰাকী আহি ৰিজাৰ্ভত উপস্থিত হৈ ৬৩ জন অনুপ্ৰৱেশকাৰীক মহ বান্ধিবলৈ ব্যৱহাৰ কৰা পঘাৰে বান্ধি গুৰুলা গুৰলকৈ মাৰপিট কৰে৷ লগতে ভাছানীয়ে অভিযোগ কৰে যে অছি গৰাকীয়ে মিঞা বোৰক এইদৰে পঘাৰে বান্ধি লৈ মাৰ পিট কৰোঁতে এছ ডিছি জনে উদাসীন হৈ সম্ৰাট নিৰ’ৰ ভুমিকা পালন কৰিছিল৷ এইখন চিঠিতে ভাছানীয়ে আক্ষেপ কৰে যে অসমত মুছলীম লীগৰ এজন মুখ্যমন্ত্ৰী থকাৰ পিছতো পূৰ্ব বংগীয় এই মিঞাবোৰক লৈ ভুমিনীতি প্ৰস্তুত কৰাত অসম চৰকাৰ খনে হোহকা পিছলা কৰি আছে৷ চৰকাৰী বিষয়া কৰ্মছাৰীৰো মিঞাবোৰৰ প্ৰতি কোনো সহানুভুতি নাই"৷ এইয়াই আছিল ভাছানীৰ তৃতীয় খন পত্ৰৰ সাৰাংশ৷ ইয়াৰ প্ৰত্যুত্তৰত বেছ ক্ষোভ আৰু উস্মাৰে জিন্নাই ভাছানীলৈ লিখা পত্ৰত উল্লেখ কৰে যে তেওঁ এই বিষয়লৈ চাদুল্লা আৰু মটিন চৌধুৰীলৈ ’ৱায়াৰ’( টেলিগ্ৰাম) কৰিব৷ জিন্নাই উস্মাৰে কয় যে যোৱা ছটা বছৰত তেওঁ মুছলমানৰ বিষয়টোক লৈয়ে জোৰ দি আছে৷ মুছলমানৰ সমস্যাৰ সমাধান মুছলমানৰ হাতত আছে৷ তাৰ বাবে মুছলমান বোৰ এক হৈ থিয় দিব লাগিব৷ অসমৰ মুছলমানবোৰ মৃত৷ ছবছৰ ধৰি জ্ঞান দিয়াৰ পিছতো কামত নহা অসমৰ মুছলমান বোৰ নপুংসক হৈ পৰিছে৷ অত এব কায়দ ই আজম( অৰ্থাৎ জিন্নাই নিজে) কি কৰিব এতিয়া? জিন্নাই আব্দুল মটিন চৌধুৰীৰ সৈতেও সঘনাই অসমত লীগৰ কাম কাজক লৈ পত্ৰালাপ কৰিছে৷ ১৯৪১ চনৰ আঠ ডিচেম্বৰত মটিন চৌধুৰীলৈ লেখা চিঠিত জিন্নাই লীগৰ সৰ্ব ভাৰতীয় অধিৱেশন অসমত ইষ্টাৰৰ বন্ধ দিনত পাতিবলৈ আহ্বান জনাইছে৷ ধুবুৰীত ভাছানীৰ গাৱঁতে লীগৰ অধিৱেশন আয়োজন কৰি গ্ৰামাঞ্চলত অধিৱেশন পতাৰ পৰীক্ষামুলক নব্য কাৰ্যসূছী লোৱাটোৰ প্ৰতি সমৰ্থন জনাই মটিন চৌধুৰীয়ে কয় যে ধুবুৰীত লীগৰ মিটিঙ অনুষ্ঠিত কৰিলে সফল হব কিয়নো তালৈ সমীপৰ বংগৰ মুছলমান সকলো আহিব পাৰিব৷ জিন্নাৰ সৈতে পত্ৰালাপ আৰু লীগৰ সন্দৰ্ভত আলোচনা কৰা দুজন ব্যক্তি হ’ল নগাৱঁৰ মহম্মদ হাবিবুৰ ৰহমান আৰু ৰফিক খান৷ ১৯৪২ ৰ ২১ ফেব্ৰুৱাৰীত জিন্নাই টেলিগ্ৰাম যোগে অসমত থাপিবলৈ অনা পূৰ্ব বংগীয় মিঞাৰ ওপৰত অত্যাছাৰ বন্ধ কৰিবলৈ টেলিগ্ৰাম কৰে৷

লাইন প্ৰথা বিৰোধ কৰি অসমলৈ লাখে লাখে পূৰ্ব বংগীয় মুছলমান অনাৰ বাট প্ৰশস্ত কৰা মটিন চৌধুৰী অসম এছেম্বলী উপ সভাপতি ( বৰ্তমানৰ অধ্যক্ষৰ দৰে পদ) পদতো অধীস্থিত হয়৷ লাইন প্ৰথাৰ বিৰুদ্ধে অসমৰ মুছলমানক উচটোৱা আৰু চৰকাৰৰ ওপৰত হেচা সৃষ্টি কৰিবৰ বাবে উত্তৰ প্ৰদেশ( তেতিয়াৰ দিনত ইউনাইটেড প্ৰভিন্স) ৰ খালেকুজ জামান চৌধুৰীয়ো ১৯৪১-১৯৪৬ ৰ সময়ছোৱাত সঘনাই অসমলৈ আহিছিল৷ চাদুল্লাৰ শাসন কালত কেইবাবৰো মন্ত্ৰীৰ পদবী দখল কৰা আব্দুল মটিন চৌধুৰীয়েই নহয় তেওঁৰ ভায়েক আব্দুল মালিক চৌধুৰীয়ো জিন্নাৰ সৈতে অতি ঘনিষ্ঠ আছিল৷ দেশ বিভাজনৰ সময়ত ছিলেট ৰেফাৰেন্ডামত পাকিস্তানৰ সৈতে থাকিবলৈ সহমত প্ৰকাশ কৰাত এই কট্টৰ মৌলবাদী নেতা জন পাকিস্তানৰ অধিবাসী হৈ পৰে৷ ধুবুৰীৰ মৌলানা ভাছানীয়ে স্বাধীন পাকিস্তানলৈ গুছি যায় আৰু ইষ্ট পাকিস্তান আৱামী মুছলীম লীগ গঠন কৰে৷ তাৰ বিপৰীতে অসমতে থাকি যায় ছৈয়দ ছাদুল্লা৷ যি ইছলাম ধৰ্মক মুলমন্ত্ৰ হিচাপে সাৰোগত কৰি মুছলমানৰ বাবে এখন পৃথক ৰাষ্ট্ৰ গঠনৰ স্বপ্নত নিজকে সপি দিছিল সেই ভাসানী আৰু মটিন চৌধুৰীৰ ধৰ্মৰ সপোন এসময়ত পলাই ফাট মাৰিলে৷ ধৰ্মতকৈ ডাঙৰ হৈ উঠিল ভাষা৷ পুব পাকিস্তানত চৰকাৰী ভাষা হিচাপে উৰ্দুৰ পৰিৱৰ্তে বাংলা ব্যৱহাৰত প্ৰথমতেই দাবী কৰা মানুহজনেই আছিল ভাচানী৷ জিন্নাৰ মৃত্যুৰ পিচত হৈ পৰিল এওঁলোক দিশ হাৰা৷ উৰ্দু ভাষী পাকিস্তানী মুছলমানে বাংলা ভাষী মুছলমানক কেৱল সামাজিক ৰাজনৈতিক ভাৱে বঞ্চিত কৰাই নহয় সামৰিক ক্ষেত্ৰতো পঞ্জাৱী মুলৰ লাহোৰ কৰাছীৰ মুছলমানতকৈ ক্ষীন মীন টেটেৰা বঙালী মুছলমান বোৰক সেনা বাহিনীৰ বাবেও অযোগ্য বিবেচনা কৰিছিল৷ এসময়ত ধৰ্মৰ বাবেই ’বংগৰ কছাই’ ছুহৰাৱৰ্বদীৰ দৰে বঙালী নেতাই হত্যা যজ্ঞ আৰম্ভ কৰিলেও এসময়ত বঙালী মুছলমানৰ বাবে ধৰ্মতকৈ ডাঙৰ হৈ উঠিছিল ভাষা৷ কিন্তুৰ বিধিৰ কি বিপাক যে এতিয়া বাংলাদেশৰ বঙালী মুছলমানৰ বাবে ধৰ্মহে ডাঙৰ হৈ উঠিছে, ভাষা নহয়৷ অসমলৈ লাখ লাখ পুৰ্ব বংগীয় মিঞা আমদানিৰে অসম আৰু অসমীয়াক ধ্বংস কৰিব খোজা ভাছানী, মটিন চৌধুৰী হতঁৰ জীৱনো কি এক বিড়ম্বনা!

 

ছৈয়দ চাদুল্লাৰ শাসন কালত ’অধিক শস্য উৎপাদনৰ’( Grow more crops) যি আচনি সেইয়া যে অসমক মুছলমান সংখ্যাগৰিষ্ট প্ৰদেশ নিৰ্মানেৰে পাকিস্তানত অন্তভুক্তৰ ষড়যন্ত্ৰ ভাইচৰয় ৱাভেলে তেখেতৰ ভাইচৰয় জাৰ্ণালত লিপিবদ্ধ কৰিছে এইদৰে- "The chief political problem is the desire of the Muslim Ministers to increase this immigration into the uncultivated Government lands under the slogan of Grow More Food but what they are really after, is Grow More Muslims."

ছৈয়দ চাদুল্লাই যদিও মুছলীম লীগৰ ১৯১৭ চনত অনুষ্ঠিত অধিৱেশনত অংশ গ্ৰহন কৰিছিল তেওঁ পলমকৈহে ১৯৩৮ চনত লীগত আনুষ্ঠানিক ভাৱে যোগদান কৰে৷ পত্নীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ নকৰি জিন্নাৰ দৰেই একমাত্ৰ সন্তানটি আৰু ৰাজহুৱা কাৰ্যত জড়িত হৈ পৰে৷ কলিকতাত উকীল হিছাপে সকলোৰে দৃষ্টি আকৰ্ষন কৰা চাদুল্লাক অসমৰ গৱৰ্নৰ ছাৰ জন হেনৰী কাৰে পত্ৰযোগে লেজিছলেটিভ কাউন্সিলত আসন দিয়াৰ প্ৰতিশ্ৰুতিৰে মাতি পঠিয়ায়৷ সেই বছৰতে ন ডিচেম্বৰত পত্নীৰ মৃত্যু হয়৷ ১৯২৮ ত ইংৰাজে নাইট/ছাৰ উপাধিৰে সন্মানিত কৰে৷ এঘাৰ বছৰীয়া ৰাজনৈতিক জীৱনে আমুৱাত চাদুল্লাই কলিকতা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এন্ডাৰছনৰ অনুৰোধত বিচাৰক হবৰ বাবে কলিকতা গমন কৰে৷ তেও মুখ্য ন্যায়াধীশ ছাৰ হেৰল্ড ডাৰ্বিশ্বায়াৰৰ পৰা জানিব পাৰে যে জাজ হবলৈ প্ৰয়োজনীয় দহ বছৰৰ অভিজ্ঞতা নথকাৰ বাবে তেওঁ চৰকাৰী অধিবক্তাৰ বাবেহে যোগ্য বিবেচিত হব৷ গৱনমেন্ট অৱ ইন্ডিয়া এক্ট ১৯৩৫ৰ অধীনত অসমত নিৰ্বাচন অনুষ্ঠিত হয়৷ আছাম ভেলী পাৰ্টী নামৰ ৰাজনৈতিক দল গঠন কৰি তিনিটা শাসন কালত মৰ্চা চৰকাৰ চলোৱা চাদুল্লাই অসম খনক পাকিস্তানৰ সৈতে চামিল কৰাৰ পক্ষপাতী হৈ উঠে৷

মুছলীম লীগৰ সদস্য হলেও চাদুল্লা ভাছানী বা মৰ্টিন চৌধুৰীৰ দৰে জিন্নাৰ ঘনিষ্ঠ নাছিল আৰু অতি আস্থা ভাজনো নাছিল৷ চাদ্দুলাতকৈ বহু আগৰে পৰাই জিন্নাৰ সৈতে ঘনিষ্ঠ ভাৱে যোগাযোগ ৰাখিছিল ভাছানীয়ে৷ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত খাদ্য শস্যৰ প্ৰয়োজনীয়তা ভাৰত চৰকাৰে উপলব্ধি কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটিছ চৰকাৰৰ ককাল ভাঙি দিছিল৷ কোৱা বাহুল্য যে মান আক্ৰমনত তৃতীয়াংশ অসমীয়াৰ মৃত্যু আৰু জীৱন জীৱিকাৰ হাহাকাৰৰ পিছত অসমৰ সৰহ ভাগ ঠাই অব্যহৃত হৈ পৰি আছিল৷ এই বিশাল উকা কৃষিভুমিত ভুমিৰ বাবে ক্ষুধাতুৰ বঙাল বোৰক আনি কৃষি কাজৰ দ্বাৰা ৰাজহ বৃদ্ধিৰ বাবে ব্ৰিটিছ প্ৰশাসনো প্ৰলুব্ধ হৈছিল৷ ১৮৭২ চনত কমিশ্যনাৰৰ এজেন্ট কৰ্নেল হপকিনছে বংগৰ গৱৰ্ণৰ জেনেৰললৈ লেখিছিল যে বংগৰ অতিৰিক্ত বংগালী লোক সকলক অসমত সংস্থাপন কৰিব পাৰি৷ অসমৰ চীফ কমিচনাৰ হেনৰী কটনেও বংগৰ গৱৰ্নৰলৈ অসমত সেৰেঙা জনবসতি আৰু প্ৰচুৰ কৃষিভুমিৰ কথা উল্লেখ কৰিছিল৷ইয়াৰ পৰা কোটি কোটি টকা ঘটিব পৰাৰ সম্ভাৱনাৰ কথাও কৈছিল৷ তাৰ পৰাই আৰম্ভ অবাধ পমুৱা পুৰ্ব বংগীয় মুছলমানৰ প্ৰৱজন৷ অসমৰ গ্ৰেজিঙ , ৰিজাৰ্ভ, ট্ৰাইবেল বেল্ট সকলোতে মিঞাবোৰে বহি ললেহি৷ চাদুল্লাৰ দিনত মুছলীম লীগৰ লাহোৰ প্ৰস্তাৱৰ পিছত এই আমদানি প্ৰক্ৰিয়া আৰু ত্বৰান্বিত হ’ল৷ নেপালৰ পৰাও ছেগা চোৰোকাকৈ নেপালীবোৰেও ১৯১১-১৯৩১ ৰ সময় ছোৱাত অসমৰ গ্ৰেজিঙ, জংঘল বোৰত ঠাই দখল কৰিলেহি৷

 ইউনাইটেদ প্ৰভিন্সত লীগৰ শোচনীয় ব্যৰ্থতাৰ পিছত অধিক প্ৰৱল ৰূপত মুছলমানৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ কথা অধিক গভীৰ ৰূপত ভবা হয়৷ মুছলমানৰ বাবে এখন পৱিত্ৰ পীঠ স্থান স্বৰূপ ৰাষ্ট্ৰ কথা সৰ্ব প্ৰথমে কবি ইকবালে ১৯৩০ চনৰ এলাহাবাদ অধিৱেশনত প্ৰস্তাৱ কৰে৷ কেইবছৰমান পিচত কেমব্ৰিজত শিক্ষিত চৌধুৰী ৰেহমত আলীয়ে পাকিস্তান নামটো প্ৰস্তাৱ কৰে৷ এই নব্য পাকিস্তান পঞ্জাৱ, নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স, সিন্ধ, বংগ আৰু অসমক লৈ গঢ় দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ বালুচিস্তানৰ কথা পিচতহে ভবা হৈছিল ১০

সোনকালেই অসম খন মুছলমান প্ৰধান ৰাজ্য হিচাপে গঢ় দিলেই পাকিস্তানত চামিল কৰাব পৰা যাব৷ অত এব বাটত কন্টক হৈ আছিল কেৱল লাইন প্ৰথা আৰু তাকো মষিমুৰ কৰিবৰ বাবে লীগ উঠি পৰি লাগে৷ ১৯৪৫ চনত চাদুল্লাই লিয়াকৎ আলীলৈ লিখে যে নামনি অসমৰ চাৰিখন জিলাত মিঞাৰ সংখ্যা ছাৰিগুন বঢ়োৱা হৈছে"৷১১

ছাদুল্লা বাহিণীয়ে সৃষ্টি কৰা দুৰ্দিনৰ মাজতে নেতাজী সুভাষ বসুৰ দৰে নেতাৰ অহোপুৰুষাৰ্থত চাদুল্লা চৰকাৰকৰ পতন ঘটাই খুউব কম সময়ৰ বাবে গোপীনাথ বৰদলৈৰ নেতৃত্বত কোৱালিশ্যন চৰকাৰ গঠন হয৷ এই চৰকাৰে চাদুল্লাৰ অবাধ মিঞা আমদানিৰ মহৎ পৰম্পৰাত বাধা প্ৰদান কৰি নতুন কেতবোৰ নীতি প্ৰনয়ন কৰিলে৷ গ্ৰেজিঙ ( PGR- professional grazing reserve) আৰু গাৱঁ এলেকাত আৰু ট্ৰাইবেল বেল্টত মাটি দিয়া নহব ৷ ১৯৩৭ ৰ আগত অহা পমুৱা মিঞা হতঁক কেৱল চৰ অঞ্চলতহে মাটি দিয়া হব ত্ৰিশ বিঘাকৈ৷ লগতে উল্লেখ কৰে যে ট্ৰাইবেল বেল্টৰ পৰা অনুপ্ৰৱেশকাৰীক উৎখাট কৰা হ’ব৷ বৰদলৈ চৰকাৰ এই সিদ্ধান্ত মুছলীম লীগ জাঙুৰ খাই উঠে৷১২

তেতিয়াই অসম এছেম্বলীত প্ৰথমবাৰৰ বাবে ভাছানীয়ে বাংলাত ভাষন দি কয় যে " আল্লাহৰ খাতিৰত এই কাম জিহাদৰ অবিহনে সম্ভৱপৰ নহব আৰু আল্লাহৰ পথত ছহিদ হবও লাগিব৷"১৩

বিয়াল্লিশৰ গন বিপ্লৱত ভাৰত ত্যাগ প্ৰস্তাৱৰ বাবে কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা সকলক জেইললৈ প্ৰেৰন কৰা হয় আৰু কংগ্ৰেছক অবৈধ ঘোষনা কৰা হয়৷ ইয়াৰ সম্পুৰ্ন লাভ আদায় কৰে মুছলীম লীগে৷ চাদুল্লাই পুনৰ ১৯৪২ ৰ ২৫ আগষ্টত চৰকাৰ গঠন কৰি দ্বিতীয় বিশ্ব যুদ্ধৰ অচিলালৈ অধিক খাদ্য শস্য উৎপাদনৰ অজুহাতত " Grow more crops" আচনিৰ নামত লাখে লাখে পমুৱা মিঞা পুনৰ আমদানি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ পুনৰাই গ্ৰেজিঙ, ৰিজাৰ্ভ আদিত বহুৱাৰ ব্যৱস্থাটো আইনী সুৰুঙাৰে আৰম্ভ কৰে৷

অসম আৰু অসমীয়া আৰু অসমীয়া সংস্কৃতিক মনে প্ৰানে হৃদয়ত যাপন কৰা অসমৰ সু সন্তান গোপীনাথ বৰদলৈ আৰু তেতিয়াৰ কংগ্ৰেছী জাতীয়তাবাদী সকল আৰু সৰ্বোপৰি গান্ধীজী, নেহৰুৰ দৰে মহৎ প্ৰান ব্যক্তি সকলৰ আপ্ৰান প্ৰচেষ্টাত অসম পাকিস্তানৰ সৈতে অন্তভুক্ত হোৱাৰ ভয়াৱহ সংকটৰ পৰা ৰক্ষা পৰিল যদিও অনিদিষ্ট কাললৈ বহন কৰিব লগীয়া হ’ল ভাৰ বব নোৱাৰা অসহনীয় বোজা৷ উল্লেখ কৰা সমীচিন হ’ব যে সুভাষ চন্দ্ৰ বসুৰ মুখ্য প্ৰচেষ্টাতহে গোপীনাথ বৰদলৈ প্ৰথম খন কোৱালিছন চৰকাৰ গঠন হয় আৰু চৈধ্য মাহৰ বাবে চৰকাৰ খন ক্ষমতাত থাকে যদিও বহিৰাগতৰ আমদানি বহু পৰিমানে প্ৰতিহত কৰে৷ কংগ্ৰেছ দলক অসমীয়াৰ এই দুৰ্দিনত সমৰ্থন প্ৰদানেৰে  বিধান সভাৰ নিৰ্দলীয়  সদস্য ৰোহিণী কুমাৰ চৌধুৰী, সুৰেন্দ্ৰ নাথ বুঢ়াগোঢ়াঞিৰ দৰে নেতাইয়ো ইতিহাস চমকৃৎ কৰি ৰখাত কম প্ৰচেষ্টা কৰা নাছিল৷ লীগৰ সৈতে শেষৰ ফালে পুৰ্ব বংগীয় মিঞা আমদানিক লৈ বিৰোধীৰ প্ৰতিৰোধত বিতত হৈ পৰা চাদুল্লাৰ সৈতে লীগৰ সংঘাত হয়৷ চাদুল্লাক পদত্যাগ অথবা মন্ত্ৰীত্ব গ্ৰহন কৰি কংগ্ৰেছৰ কথামতে কাম কৰিবলৈ প্ৰস্তাৱ দিয়া হয়৷ হেমলেটৰ দৰে দ্বিধাগ্ৰস্ত চাদুল্লাই এইবাৰ কংগ্ৰেছৰ প্ৰস্তাভ মানি লৈ পদত্যাগ কৰি নতুনকৈ মন্ত্ৰীসভা গঠন কৰে আৰু নতুন মন্ত্ৰীসভাত মুছলীম লীগৰ পুৰ্বৰ পাছ গৰাকীক অন্তভুক্ত কৰে যদিও ভূমি আৰু ৰাজহৰ দৰে বিভাগ লীগৰ মন্ত্ৰী কেইজনৰ হাতত অৰ্পন কৰাৰ পৰা বিৰত থাকে৷ ১৪

ক্ৰমশ সলনি হয় ৰাজনৈতিক দৃশ্যপট আৰু অবাধ প্ৰৱজন আৰু মাটি দখলৰ অভিযানত প্ৰথম বাৰৰ বাবে পমুৱা মিঞাই উমৈহতীয়া প্ৰতিৰোধৰ সন্মুখীন হয়৷১৪ কিন্তু তেতিয়ালৈ বহুত পলম হৈ গৈছিল৷ সেইবাবেই চাদুল্লা যুগে যুগে অসমৰ ইতিহাসত খ্যাত হৈ ৰৱ খলনায়ক ক্লডিয়াছ হিচাপে, দ্বিধাগ্ৰস্ত হেমলেট হিছাপে নহয়৷ অনন্ত কালৰ বাবে অসম আৰু অসমীয়াক দি যোৱা এই বোজা কেতিয়াও লাঘৱ নহয়৷ পান্ডিত্য আৰু মেধাৰে আলোকিত চাদুল্লা, চুহৰাৱৰ্দী, কবি ইকবাল অথবা জিন্নাই প্ৰমান কৰে যে জ্ঞান আৰু শিক্ষাৰ কি মহৎ অপচয় ধৰ্মৰ প্ৰভাৱত হ’ব পাৰে! কি দৰে উদাৰমতি আকবৰ, নাজমা বাহৰেইনৰ দৰে চুফী আৰু উপনিষদৰ দৰ্শনৰ সামজন্স্যৰ বিষয়ে কিতাপ ৰচনা কৰা দাৰা শিকোৰ সমান্তৰালভাৱে তেওঁলোকৰ দৰে উদাৰনৈতিক বিশাল চিন্তাধাৰাৰ লোকক ’মুনাফিক’, ’কাফেৰ’ বুলি ভবা আৰু ইছলামৰ ’Noble spirit’ বৰ্তাই ৰাখিব খোজা জিন্না, চাদুল্লা বা আফগান বাছা ই চাকো অথবা ধৰ্মীয় দৃষ্টিভংগীত ঔৰংজেৱৰ দৰে ৰেপ্লিকা ধৰনৰ শাসকো থাকিব পাৰে যি কেৱল ধৰ্মৰ বাবেই এখন পৃথক মুছলমান ৰাষ্ট্ৰ বিচাৰিব পাৰে আৰু তাৰ বাবে এখন অনুপম সুন্দৰ ৰাজ্যক সগোত্ৰীয় পমুৱা প্ৰৱজনকাৰীৰে ভৰ্তি কৰি ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিব পাৰে ভাবিলে আৰ্শ্চযচকিত হোৱাৰ বাদে একো নেথাকে৷

 

 

 

 

টোকা আৰু পৰিশিষ্ট:

১৷  Major Adam White, A memoir of the late David Scott, Department of Historical & Antiquarian Studies in Assam, Guwahati

২৷ Sanjay  Baruah, India against itself, OUP , Page No 42, fifth impression 2010

৩৷ Major John Butler, Travel’s and adventures in the province of Assam, during a residence of fourteen years, Government of India, Department of Archeology

৪৷চৈয়দ চাদুল্লাৰ মহম্মদ আলী জিন্নালৈ ১০ এপ্ৰিল,১৯৪৭ তাৰিখে প্ৰেৰন কৰা পত্ৰ৷ পত্ৰ খন বৰ্তমান নেহৰু মেমৰিয়েল মিউজিয়াম এন্ড লাইব্ৰেৰী, নতুন দিল্লীত সংৰক্ষিত হৈ আছে৷ S M Sadulla papers, Sub file No-7

৫৷জিন্নাই খুউব ক্ষোভ আৰু অসন্তুষ্টিৰে মৌলানা ভাসানীলৈ লিখা ২৫ মাৰ্চ, ১৯৪৫ চনৰ চিঠি খনত ’ Noble spirit of Islam’ বাক্যাংশ উল্লেখ কৰিছিল৷অসমত পমুৱা মুছলমানক সংস্থাপন কৰোতেঁ বাধাৰ সন্মুখীন হোৱা ভাসানীক হতাশ নহবলৈ উদগনি যোগাই জিন্নাই বৰপেটাৰ কৈমাৰী ৰিজাৰ্ভত ছয় ফেব্ৰুৱাৰী, ১৯৪৫ ৰ ঘটনাটোক ট্ৰেজেদি আখ্যা দি কয় যে মিঞাৰ আমদানিত বিৰোধ কৰা বোৰক সবল আৰু শক্তিশালী ভাবে প্ৰতিহত কৰিব লাগিব৷কৈমাৰী ৰিজাৰ্ভত থাপিবলৈ ৭৪৫ টা মৈমনসিঙীয়া পৰিয়াল আনিছিল৷স্থানীয় লোকৰ আবেদন মৰ্মে পমুৱা সকলক এসপ্তাহৰ ভিতৰত ৰিজাৰ্ভ খালী কৰিবলৌ কোৱা হয়৷ গন্ডগোল সৃষ্টি হোৱাত তাৰে ৬৩ জনক  মহখুটিত মহ বন্ধা পঘাৰে বান্ধি বৰপেটা থানাৰ অছিয়ে উত্তম মধ্যম দিয়ে৷

৬৷ vultures of Kolkata- শিৰোনামৰ ফটোবোৰ তোলা সাংবাদিক মাৰ্গাৰেট বুৰ্ক হোৱাইটে ইয়াৰ পূৰ্বে জাৰ্মানীৰ ইহুদী হত্যৰ কৰা কনচেনট্ৰেশ্যন কেম্পৰ ফটো তুলিছিল৷তেওঁ কৈছিল যে এইবোৰ ফটো ইহুদী হত্যা কৰা বুছেনৱেল্ডৰ কেম্পৰ দৰেই৷ দ্য টাইমছ- ২৬ মে ,২০১৪’Muslim Hindu riots of 1946, Photos of the  gruesome aftermath” ৷ প্ৰথমতে এই ফটো বোৰৰ এখন ছপা হৈছিল ১৯৪৬ চনত৷

৭৷ The New Yorker, William Dalrymple’s " The bloody legacy of Indian partition"

৮৷ Nadia khan - the making of Pakistan , a homeland for Muslims

৯৷ ভাইচৰয় জাৰ্ণাল, অসমৰ ৰাজ্যপাল এছ কে সিনহাই তদানীন্তন ৰাষ্ট্ৰপতিলৈ প্ৰেৰন কৰা পত্ৰতো এই কথা উল্লেখ কৰিছে৷ পত্ৰ নং D O number GSAG 3/98

১০৷ Prafulla Goradia Sunday guardian , September 8, 2018

Jinnah’s idea for a distinctly separate holy land for Muslims comprised of five provinces including Assam Prafulla Goradia Sunday guardian”

১১৷sanjay Hazarika, Strangers of the mist, page 58

১২৷ Udayon Misra , Burden of history, OUP, Page No  42

 

১৩৷ Udayon Misra , Burden of history, OUP, Page No  44

১৪৷ Udayon Misra , Burden of history, OUP, Page No  47

 


 

 

 

 


 

Tuesday, 17 November 2020

Into The Light Of Things :From My Notebook

 From my note book

“Into the light of things”

Bhaskar J nath

when we were studying in university internet was not accessible barring a few cities in Assam. Launched in the late 90’s by Videsh Sanchar Nigam it was yet to penetrate into the muffassils and semi urban areas . I remember the huge umbrella shaped dishes installed on the roof top of the  big varsity library  and bee lines of enthusiastic internet savvy students at the computer centre waiting for his turn to surf internet for stipulated one hour . Orkut was the popular social media among the youths . Even today I feel it was way better than present day Facebook where ruling regimes, corporates can use to its advantage . Facebook  with its numerous commercial adverts, covert support to state apparatus has become a dangerous capitalistic weapon . Internet has made things easy . Now a days serious readers can easily get full access to the top literary journals through subscription which was almost impossible earlier . NewYorker is one of those journals which claims to have emboldened the establishment of distinguished writers like John Updike , Sallinger , Chiveer etc.It was started in 1925 as weekly  journal . For upcoming story tellers and poets getting published in this journal means reaching the pinnacle of success . Writers are bound to get a book contract after publish of their works . But there are many untold stories which always remains secret . Newyorker has corollary to the now defunct  Quarterly Review . In Quarterly Review editors and writers often use to write rave reviews of their books and novels under pen name and alleged that the journal seldom showed interest in the works of new authors . There is a very interesting story about Newyorker. Daniel Wallace ,author of six books , now a distinguished professor of English at the university of North Carolina in Chapel Hill has been submitting his stories at Newyorker since 1984 and not a single story is published yet. It may sound very strange and unbelievable . He has written about his experiment with submissions in the journal in his article ‘ The Literary Life”. He had a pile of rejection slips from its editor Daniel Manekar. In this process of sending submission and rejection letter through post office both they have become pen pals as Wallace has said . Newyorker editor wrote to him saying that his submission “was very good…..as far as it goes” and he ends the rejection letter by saying something truly lovely in an emotionally moving manner “ I know we have been seeing your work for sometime now….we would be glad to see more ”. Editor Daniel Manekar himself was a writer who has published a dozen of books,novels and short stories . He also won O Henry short story prize . After twenty five years they decide to meet at a café in wintry December . Daniel shared waffle with him ,  talked about ants , dogs and wives . But initially editor Daniel Manekar refrained from any explanation about twenty five years of rejection slips . Later editor manekar to the surprise of Wallace told him that he wrote notes of all the stories he had sent and further added that editor Manekar himself was rejected by Newyorker even when he was working there . Daniel Wallace’s senior was John Maxwell and Maxwell’s attributes percolated down to him. During that time they were publishing Updike , Sallinger Cheever. Daniel Wallace summed up his essay by saying that  editor was not working for the magazine , but he was working for the writers.  But Daniel Wallace is by now  a published author of repute .

Last year Newyorker featured an article on Indian author of Tamil Literature Perumal Murugan.Translated version of his novel”Poonachi” was scheduled to be published in USA during the month of December ,2019. A very  simple  and humble gentleman Perulam began writing since his college days in Tamil language . “Poonachi’ is based on the life of a goat . Why Perumal took to writing about goat that is also an interesting story . Whenever people talk about goat stories , Gattu of Malamal Weekly came into my mind . Fured in white , little tiny Gattu taken away by the buyer in pick up van and bleating of gattu ,incessant pleadings of wife of Paresh Rawal in Priyadarshan directed movie  Malamal weekly remains etched in my mind forever . Perumal was in news for the controversy for his theme in his novel Madhorubaggan.  This novel depicts the lives of childless couple  Kali and Poona who were not able to conceive child . In the festival of Madhorubaggan wife Poona agrees to join . Madhorubaggan  is a festival where on the twelfth night of festival childless women  can have sex with young stranger and become pregnant .  Madhorubaggan  is a real depiction of  a ritual which antagonized and infuriated the public .  He tendered an apology and withdraw his book from the stand .  Perumal stopped writing . When a political party came to power its goons did not budge to burn down his books  and attack the writer .Later Madras high court came to his rescue and in its judgment judge remarked “Let the author be resurrected to write what he is best at “.  Perumal said that writing about human and god is dangerous  and therefore he has decided to write  more about animals . Whither is our literature today with such blatant violations of rights and assault on writers and artistic freedom .  Don’t we have reason to lament and  say “what man has made of man”?