Posts
Showing posts from May, 2025
চৈয়দ চাদুল্লা আৰু মুছলীম লীগৰ পাকিস্তানৰ সপোন
- Get link
- X
- Other Apps
ইতিহাসৰ চাঁ পোহৰত চৈয়দ চাদুল্লা আৰু মুছলীম লীগৰ পাকিস্তানৰ সপোন আৰু শৰবিদ্ধ অসমীয়া- অনালোচিত চিঠিৰ প্ৰসংগৰে ভাস্কৰ জ্যোতি নাথ পটভূমি : ’এবাহ ভূতহে যেন মাটিৰ ওপৰেদি লাহে লাহে ওপঙি গৈ আছে’’ -ইনাৰলেন্ডস্কেইপ ’ ড° ধ্ৰুৱজ্যোতি বৰাৰ মেটাফিকশ্যন ’ ইনাৰলেন্ডস্কেপ’ত প্ৰটাগনিষ্ট আৰু কথক বৃন্দাবনী বাৰ্মিজ আক্ৰমনৰ সময়ত পৰিয়ালৰ সৈতে নাৱেঁৰে উজাই আহিছে ৷ ইফালে বৃন্দাবনীৰ দেউতাক হতেঁও গাৱঁ এৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ ফালে আঁতৰি গৈছে৷ এইয়াই আছিল উনবিংশ শতিকাৰ অসমৰ দৃশ্য৷৷ মানৰ আক্ৰমনৰ দিনবোৰত ঘৰ দুৱাৰ এৰি পলোৱা মানুহবোৰে ধন সোন পুখুৰীত দলিয়াই বা মাটিত পুতি পলাইছিল৷ ধন সোন মাটিত কেতিয়াবা পুতি ৰখাটো তেতিয়া দিনৰ অসমীয়া মানুহৰ অভ্যাস আছিল৷ যিবোৰে জংঘলত সোমাই কোনোমতে জীয়াই আছিল জংঘলতে পোৱা বনৰীয়া আলু কচু ফল মুল খাই পেট প্ৰৱতাইছিল৷ তাৰ হাত ধৰি অহা হাইজা , কলেৰা মহামাৰীত সৰহভাগ মানুহৰ মৃত্যু হ’ল৷ গাৱঁ, নগৰ , খেতি পথাৰ সকলোতে বিৰাজ কৰিছিল এক ভয়াৱহ আৰু...