Posts

Showing posts from June, 2019

বাৰেবিংকৰাঃ সাহিত্যৰ ইটো সিটো , গিনছবাৰ্গ ইত্যাদি

Image
আছলতে সময়বোৰ সলনি হৈছে ৷এটা সময় আছিল যেতিয়া অসম মুলুকত হাবিয়ে বনে কাম কৰি থকা কেৰাণী , মহৰী বা ই এ চি বোৰে সাহিত্যৰ পথ প্ৰদৰ্শন কৰিছিল  আৰু অসমীয়া সাহিত্যৰ ভেটিটো নিৰ্মান কৰিছিল ৷ তেতিয়া কোনো ইংৰাজী বা অসমীয়া এম এ ই কৰা নাছিল ৷হেম চন্দ্ৰ বৰুৱা আছিল প্ৰথমে এগৰাকী নকল নবীছ ৷তাৰ পৰা ভাষা ভঙা কাকতি অৰ্থাৎ ট্ৰানস্লেটৰ (পিছত ই এ চি) গুনাভি বৰুৱা প্ৰমোছন লৈ ই এ চি , ৰমা কান্ত চৌধুৰী কাছাৰীৰ কেৰাণী ,ভোলানাথ দাস চাৰ্ভেয়ৰ  পিছত এচ ডি চি, আনন্দ চন্দ্ৰ আগৰৱালা পুলিচৰ হাৱিলদাৰ পিছত এছ পি.হেম চন্দ্ৰ গোস্বামী ই এ চি আচিল ৷সংক্ষিপ্তকৰণৰ বাবে কেৱল এই কেইটাহে উদাহৰণ দিয়া হৈছে ৷এই সকলেই অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণ কৰিছিল ৷ এতিয়া সাহিত্যই শ্ৰেনী সংৰচনা এটা আয়ত্ত কৰিছে ৷ এতিয়াও প্ৰশাসনৰ সাহিত্যসেৱী নথকা নহয় ৷ তেতিয়াৰ প্ৰশাসনৰ সেই ব্যক্তি সকল চিৰস্মৰনীয় ৷ পিচে তেতিয়া দিনত কেৰানী মহৰীৰ পৰা ই এ চি হওতে ৰাকেশ পাল নাছিল ৷ থকা হলে খাল্লাছ৷নহবৰে কথা ৷ সিদিনা বোলে এজন ই এ চিয়ে এখন সভাত ৰাজহুৱাভাৱে কলে আৰক্ষী আয়ুক্তক বোলে ইংৰাজীত আৰক্ষী অধীক্ষক বুলি কয় ৷ পিছত আয়ুক্তৰ ৰোষত পৰিল ৷ উপাই নাই ৷ উপাই নাই আমাৰ...