বৰনদী ভটিয়াই আৰু মাজুলীৰ কথকতা
মাজুলী এটা বিপদাপন্ন নদী দ্বীপ অথবা বৈষ্ণৱ সংস্কৃতিৰ ৰহঘৰা হোৱাতে সীমাবদ্ধ নহয় ৷ stereptype discourse বোৰে বৈষ্ণৱ পৰম্পৰাৰ ওপৰত কেন্দ্ৰীয়তা বা centralty স্থাপন কৰি মাজুলীক এক সৰলৰৈখিক পৰম্পৰাগত উপস্থাপন কৰাৰ পৰিবৃত্তৰ উৰ্ধলৈ গৈ অনুপম কৌশিক মাজুলীৰ তথাকথিত narrativeত উপেক্ষিত বিশাল লোক সংস্কৃতিক এক অগতানুগতিক ৰুপত উত্থাপন কৰি মাজুলীক এটা নব্য নিৰ্মিতি প্ৰদান কৰিছে ত ৷ উদীয়মান সৃষ্টিশীলতাত সদা উন্মূখ অনুপম কৌশিক ৷ তেওঁৰ এই প্ৰচেষ্টা ছবি খনত স্পষ্ট ৷ বিভিন্ন ন ন বিষয়ত তেওঁ সম্পৰীক্ষা কৰিছে ছবি খনত ৷ এই নব্য craftmanship ত সফলো হৈছে ৷ অৱশ্যে এই বিষয়ে পিছত লিখিম ৷ ছবি খন চালো সপৰিয়ালে ৷প্ৰথম দিনা প্ৰথম দৰ্শনীতে চিনে পলিচত ৷ অনুপম কৌশিকক জানিছিলোঁ সেয়ে কিবা এটা ব্যতিক্ৰম আশা কৰিছিলো ৷ *বৰনদী ভটিয়াইৰ আটাইতকৈ উল্লেখনীয় দিশটোৱেই হল যে ছবিখনত দুই ধৰনৰ দৰ্শক অৰ্থাৎ বৌদ্ধিক দৰ্শক আৰু সাধাৰন দৰ্শক দুই শ্ৰেণীয়ে উপভোগ কৰিব পৰাকৈ নিৰ্মিত উল্লেখ্য যে অসমীয়া ছবিত সততে দেখা পোৱা সংলাপ অভিনয়ৰ অতিৰন্জন বা কৃত্ৰিমতাৰ flaw টোৰ পৰা মুক্ত ৷ অভিনয় , শব্দ শৈলী বা diction স্বতস্ফুত , স্বাভ...