এলিয়টীয পাৰম্পৰ্য আৰু চৰ্চা
অসমত এলিয়টীয় পৰম্পৰা কিমান সমৃদ্ধ আৰু চহকী সেইটো বুজাবলৈ দুটা সৰু উদাহৰনেই যথেষ্ট ৷আধুনিক অসমীয়া সাহিত্যত এলিয়টৰ প্ৰভাৱ কিমান তাৰ পৰাই গম পোৱা যায় ৷ আধুনিক কবিতাৰ বাখ্যা কৰি তাত এলিয়টৰ সমল নিবিচাৰিলেও হ’ব ৷হোমেন বৰগোহাঞিৰ বিখ্যাত গল্প "এপিটাফ"ত নায়কে ডোৰা নামৰ কুকুৰজনীক উদ্দেশ্য কৰি কৈছে "My nerves are bad to-night. Yes, bad. Stay with me. 'Speak to me. Why do you never speak? Speak. 'What are you thinking of? What thinking? What? 'I never know what you are thinking. Think”৷ স্বৰ্গতোক্তি সদৃশ এই সংলাপটোও বৰগোহাঞিৰ গল্পটোত ইংৰাজীতে আছে ৷ অৱশ্যে এলিয়টৰ অনুসংগৰ কোনো উল্লেখ তাত নাই ৷ এলিয়টৰ ৰচনা , কাব্যৰ প্ৰভাব অসমীয়া সাহিত্যত ইমানেই বেছি যে এলিয়টৰ ৱেইষ্টলেন্ডৰ " A game of chess " খন্ডটো সন্নিবিষ্ট স্তৱকটোৱে অসমীয়া গল্প সাহিত্যটো স্বৰ্গতোক্তিৰ মাধ্যমেৰে প্ৰকাশ ঘটিছে ৷ এই প্ৰসংগতে এটা কথা কোৱা ভাল হব যে আমাৰ সাহিত্যত বিশ্বৰ প্ৰায়বোৰ বিশ্ববিদ্যালয়তে এলিয়টৰ ৱেইষ্টলেন্ডৰ এই সংলাপটোক অপবাখ্যা কৰা হয় ৷ এই শাৰীকেইটাৰ অন্তহিত তাৎপৰ্য আৰু অৰ্থ পৃথক৷ ই এ...